আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

১১ অক্টোবৰ

দক্ষিণ শালমাৰাত নাওঁসহ জব্দ নিচাজাতীয় সামগ্ৰী। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি।

নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান চলাই দক্ষিণ শালমাৰা আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সাফল্য। শনিবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে অভিযান চলাই দক্ষিণ শালমাৰাৰ বালাডোবাত ব্ৰহ্মপুত্ৰ নদীৰ পৰা এখন যন্ত্ৰচালিত নাওঁসহ ২০৪ টা নিচাজাতীয় সামগ্ৰী তথা মদৰ বটল জব্দ কৰে। আৰক্ষীয়ে অভিযানত নিচাজাতীয় সমগ্ৰৰ লগতে দুজন সৰবৰাহকাৰীকো আটক কৰে।

আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুজন ফকিৰগঞ্জ থানাৰ অধীনস্থ মাটিফাটা গাৱঁৰ বাসিন্দা হানিফ আলীৰ পুত্ৰ ৰাশিদুল ইছলাম আৰু জিলাল উদ্দিনৰ পুত্ৰ বদিয়ত জামাল বুলি দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল চন্দ্ৰ ৰায় প্ৰধানীয়ে জানিব দিয়ে।