শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২৪ জুনঃ অসমত নিৰ্মিত বাঁহীয়ে দখল কৰিছে বিদেশৰ বজাৰ৷ নিজ গৃহতে বাঁহী নিৰ্মাণৰ কুটিৰ উদ্যোগ গঢ়ি স্বাৱলম্বিতাৰ পথ বাচি লৈছে শিৱসাগৰ জিলাৰ হাঁচৰাৰ যুৱক দিপাংকৰ চেতিয়াই৷ বিদেশলৈ ৰপ্তানি হয় দিপাংকৰে নিৰ্মাণ কৰা বাঁহী৷ শিৱসাগৰ জিলাৰ হাঁহচৰা চেতিয়া গাওঁৰ উদিয়মান যুৱক দিপাংকৰ চেতিয়াই শাস্ত্ৰীয় আৰু লোক সঙ্গীতৰ লগত সুন্দৰকৈ বাঁহী বজোৱাৰ লগতে নিজেই ৰপ্তানি গুণসম্পন্ন বাঁহী নিৰ্মাণ কৰি চিঙ্গাপুৰ, আমেৰিকাৰ লগতে বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে৷ বাঁহী সংস্কৃতিৰ সংৰক্ষণ, প্ৰসাৰ আৰু সংবৰ্ধন কৰিবলৈ সক্ষম হোৱা যুৱক জনক প্ৰশংসা কৰিছে বিভিন্ন মহলে।