গুৱাহাটী, সংবাদ ৩৬৫, ৪মে’ : কেয়াৰ ইউ ৩৬৫ য়ে বিগত বছৰৰ দৰে এইবাৰো অসমৰ বিভিন্ন প্ৰান্তৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰী সকলক লৈ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে দুদিনীয়া “দিব্যাংগ জ্যোতি মহোৎসৱ” – ২০১৯ অহা ৫ আৰু ৬ মে’ তাৰিখে আয়োজন কৰিবলৈ লোৱা হৈছে।

দিব্যাংগ ছাত্র-ছাত্ৰীসকলক উৎসাহিত কৰিবৰ বাবে গুৱাহাটীৰ জজ খেলপথাৰ আৰু মাছখোৱা প্ৰাগজ্যোতি আই টি এ প্ৰেক্ষাগৃহত এই “দিব্যাংগ জ্যোতি মহোৎসৱ “অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে ২০১৩ চনৰ আগষ্ট মাহত কেইগৰাকীমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত চটিয়াৰ ঘাঁহি গাঁৱত কেয়াৰ কিউ ৩৬৫ নামেৰে এটি শিক্ষা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠা হৈছিল । অঞ্চলটোৰ দুখীয়া আৰু পিছ পৰা কণ কণ দৰিদ্ৰতা, নিৰক্ষৰ আদি নিৰ্মূল কৰাৰ লগতে দৃষ্টিহীন ,মুকবধিৰ আৰু মানসিক বাধাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক,মানসিক আৰু বৌদ্ধিক বিকাশৰ লক্ষ্যৰে বিগত দুই বছৰৰ পৰা “দিব্যাংগ জ্যোতি মহোৎসৱ”ৰ আয়োজন কৰি বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ আৰু প্ৰেৰণাৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে।

এইবাৰৰ “দিব্যাংগ জ্যোতি মহোৎসৱ”ত অন্ধ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ক্ৰিকেট, দৌৰ,মিউজিকেল ছেয়াৰ, ব্ৰেইল ৰিডিং এণ্ড ৰাইটিং, কুইজৰ আয়োজন কৰা হৈছে । কলা আৰু বোবাসকলৰ বাবে কাবাদী, দৌৰ,চিছ, দাৰ্ট বৰ্ড আৰু পেইণ্টিংৰ আয়োজন কৰাৰ লগতে মানসিকভাৱে অক্ষমসকলৰ বাবে বাউচি, থ্রো বল, দৌৰ আৰু পেইণ্টিংৰ আয়োজন কৰা হৈছে।