দেউৰী বিচু

In কলা-সংস্কৃতি

ব’হাগ মাহত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহে স্বকীয় বৈশিষ্টৰে নিজ নিজ বিহু পালন কৰি অসমীয়া নৱবৰ্ষক আদৰণি জনায়৷ বিহুৱে জাতীয় চেতনাবোধ সজীৱ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লয় ৷অসমৰ অন্যতম আদিতম জনগোষ্ঠী দেউৰীসকলৰ এক সাংস্কৃতিক মহোৎসৱ হৈছে দেউৰী বিহু। দেউৰী জন-জীৱনত বিহুৰ লগত সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তন গভীৰভাৱে নিহত হৈ আছে৷ হিন্দু শাস্ত্ৰত উল্লেখিত দেৱ-দেৱতাসকলক দেউৰীসকলে  প্ৰাচীন কালৰ পৰা অতি শ্ৰদ্ধা-ভক্তি আৰু বিশ্বাসেৰে উপাসনা কৰি আহিছে। দেউৰীসকলৰ তিনিটা খেলৰ ভিতৰত দিবঙীয়াই কুণ্ডিমামাক, টেঙাপনীয়াই বলীয়াবাবা অৰ্থাৎ শিৱক আৰু বৰগঞাই তাম্ৰেশ্বৰী মাতৃক পূজা কৰে। তদুপৰি বিহু উৎসৱ উদযাপন উপলক্ষে দেউৰীসকলে দুটা পূজা পাতিব লাগে। ইয়াৰে এটা পৰিয়াল ভিত্তিক আৰু আনটো সামূহিক। পৰিয়াল ভিত্তিক পূজাক সুৱচনী বা ঘৰদেও পূজা আৰু সামূহিক পূজাক দেওশাল বা দেৱালয়ৰ পূজা বুলি কোৱা হয়৷

দেউৰীসকলে বিহুক বিচু বুলি কয়৷ ৰঙালী বা ব’হাগ বিহু দেউৰীসকলৰ প্ৰধান বিহু৷ ব’হাগৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰে প্ৰতিটো খেল বা ফৈদৰ দেৱালয়ত সমূহীয়াকৈ  বিহু পালন কৰা হয়। দেউৰী বিহুৰ এক বিশেষ তাৎপৰ্য্য  হৈছে  বিহু আৰম্ভ কৰাৰ দিন-বাৰ চোৱা। বিহু উদযাপিত মাহৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰত বিহুৰ দিন নপৰি অন্য দিনত পৰিলে দেউৰী সকলে প্ৰথমটো বুধবাৰলৈ অপেক্ষা কৰে। দেউৰী সকলে বুধবাৰটো পবিত্ৰ বাৰ হিচাপে গণ্য কৰে।

ধৰ্মোৎসৱ হিচাপে পুৰণি কালৰ পৰা দেউৰী সমাজে প্ৰধানকৈ তিনিটা উৎসৱ পালন কৰে৷

  • মাঘ বিহু
  • ব’হাগ বিহু অৰ্থাৎ ইবাঁকু বিচু
  • সাতৰ চুৱা ভঙা বা অম্বুবাচী

এই উৎসৱ কেইটাত দেউৰীসকলে নিজ নিজ খেলৰ দেওশালত বিশেষ ভাৱে পূজা আগবঢ়ায়। দেউৰী সকলৰ তিনিটা খেলৰ ভিতৰত দিবঙীয়াই কুণ্ডিমামাক, টেঙাপনীয়াই বলীয়াবাবা অৰ্থাৎ শিৱক আৰু বৰগঞাই তাম্ৰেশ্বৰী মাতৃক পূজা কৰে। দেওশালত আগতীয়াকৈ পূজা-অৰ্চনা নকৰাকৈ উৎসৱ পতাৰ নিয়ম নাই। দেওশালত পতা অন্য এটা গুৰুত্বপূৰ্ণ পূজা হৈছে ধানৰ পূজা। এই পূজা প্ৰতিবছৰে শাওন মাহৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰে পতা হয়। দেউৰীসকলৰ ধৰ্মীয় কাম-কাজবোৰ সম্পূৰ্ণ শাক্ত পন্থীয়।

দেউৰীসকলৰ বিহু উৎসৱৰ লগত নিবিড়ভাবে জড়িত হৈ প্ৰাচীন কালৰ পৰা সমাজত চলি অহা কেইটামান ৰীতি হ’ল-

  •  নতুন পৰীয়া নিযুক্তি, পুৰণিৰ অৱসৰ
  • নিশা বিহু,
  • গৰু গা ধুউৱা
  • নকৈ চুৰীয়া পিন্ধোৱা আৰু পাট গাভৰুৰ গাত কাপোৰ দিয়া বা পাউগা মৰোউৱা নিয়ম
  • কণী যুঁজোৱা,
  • ডেকা বিহু
  •  গাভৰু বিহু
  • আবৰৰ হাঁচটি আৰু হুঁৰাই ৰঙালী নাম
  • হুঁচৰি গোৱা নিয়ম
  • গোঁসানী পাটত তোলা,
  •  বিহু আৰু হুঁচৰি উৰুৱা উৎসৱ
  • পাচ বিহু বা ৰাজবন
  • পীৰি বা নৌকা উটুৱা সবাহ
  • মেজি জ্বলোৱা

Comments

comments

You may also read!

বৰপেটাত পঞ্চায়ত নিৰ্বাচনী ফলাফল: ৰাজপথত উৎফুল্লিত সমৰ্থকসকলৰ টেম্পু, ট্ৰেক্টৰ লৈ কংগ্ৰেছ জিন্দাবাদ ধ্বনি

বৰপেটা, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ: বুধবাৰে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। নিৰ্বাচনী ফলাফলক লৈ কি কংগ্ৰেছ, কি

Read More...

এন আৰ চি সন্দৰ্ভত উচ্চতম ন্যায়ালয়লৰ নিৰ্দেশ: ৩১ ডিচেম্বৰলৈ দাবী-আপত্তি দাখিলৰ সময়সীমা বৃদ্ধি

গুৱাহাটী, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ: বহু প্ৰত্যাক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপন্জীৰ নাম অন্তৰ্ভুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ে বুধবাৰে দাবী আৰু আপত্তি দাখিলৰ

Read More...

বৰঝাৰ বিমানবন্দৰত অনশন কাৰ্যসূচী: কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিৰোধীতা এয়াৰপৰ্ট অঠৰিটি এম্পলয়ছ ইননিয়নৰ

আজাৰা, সংবাদ ৩৬৫, ১১ ডিচেম্বৰ: গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমানবন্দৰৰ সহিতে দেশৰ ৬খন লাভাজনক বিমানবন্দৰক ব্যক্তিগত প্ৰতিষ্ঠানক গতাই

Read More...

Mobile Sliding Menu