গুৱাহাটী, সংবাদ ৩৬৫, ৩ অক্টোবৰ: মহানগৰীৰ গাতে লাগি থকা দ্বীপৰ বিলত মঙ্গলবাৰে নিশা পাহাৰৰ পৰা নামি অহা এজাক বন্যহস্তীয়ে সন্ত্ৰাস চলাই খেতি বাতি নষ্ট কৰি পেলায়। পিছত বন্যহস্তীৰ জাকটো পুনৰ গুচি যায় যদিও জাকটোৰ মাজৰে এটা বনৰীয়া হাতী ৰৈ যায়। বুধবাৰে ওৰেটো দিন দ্বীপৰ বিল অঞ্চলত মুক্ত বিচৰণ কৰি থকা পৰিলক্ষিত হয় বনৰীয়া হাতীটোয়ে। যাৰ বাবে এতিয়া অঞ্চলবাসী ৰাইজ ভয় শংকাত সময় অতিবাহিত কৰিব লগা হৈছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ চাই ৰৈ থাকিব লগা হৈছে । এনেদৰে হাতীৰ জাক নামি বিভিন্ন সময়ত দ্বীপৰ বিল অঞ্চলত খেতি বাতি নষ্ট কৰাৰ লগতে বহু মানুহৰ ঘৰৰ বেৰ ভাঙি কলগছ,শস্য আদি খাই নষ্ট কৰি যায়। যাৰ বাবে এতিয়া ভয় শংকাত দিন কটাইছে দ্বীপৰ বিল অঞ্চলৰ ৰাইজে।