ছয়গাঁও, সংবাদ ৩৬৫, ২৮ জানুৱাৰীঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কান্দুলীমাৰীত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুর্ঘটনাটোত এখন দ্ৰুতবেগী এল্টো গাড়ীৰ খুন্দাত এটি শিশু নিহত হয়। নিহত শিশুটি সোণতলীৰ শেলেসুঁতি গাঁৱৰ ছাইদুৰ ৰহমানৰ পাচঁ বছৰীয়া কন্যা স্বাহিনা পাৰবিন বুলি চিনাক্ত কৰা হয়। বৰপেটা জিলাৰ কাছুমাৰাৰ পৰা এএছ-০১-বিআৰ-৩১৪৭ নম্বৰৰ এল্টো গাড়ীখন গুৱাহাটী অভিমুখে হৈ থাকোতে এই দুর্ঘটনা সংঘটিত হয়। জোৰশিমুলী আৰক্ষী চকীৰ সমীপবৰ্তী কান্দুলীমাৰীত শিশুটিয়ে গড়কাপ্তানীত থিয় হৈ থকা অৱস্থাত গাড়ীখনে প্ৰচণ্ড জোৰে খুন্দা মৰাত স্থানীয় লোকে শিশুটিক উদ্ধাৰ কৰি দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনেৰে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। সম্প্ৰতি চালকসহ গাড়ীখন জোৰশিমুলী আৰক্ষী চকীত ৰখাৰ বিপৰীতে শিশুটিক মৰোনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।