কুন্দন ভৰালী

নগাঁও

৫ অক্টোবৰ

নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী সমদলত আৰক্ষীৰ বাধাকলৈ উত্তপ্ত পৰিস্থিতি৷ আৰক্ষী-কংগ্ৰেছীৰ খণ্ডযুদ্ধত আহত কেইবাজনো কংগ্ৰেছী৷। নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ যোৱা কংগ্ৰেছীক আৰক্ষীৰ বাধা প্ৰদান।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবীত সোমবাৰে কংগ্ৰেছ দলে ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাতো কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ উতলা কৰি তোলে। নগাঁৱত কংগ্ৰেছ দলৰ নেতা-কর্মী সকলে প্ৰতিবাদী সমদল উলিয়াই নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ যোৱাত আৰক্ষীয়ে বাধা প্ৰদান কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। আৰক্ষীৰ বেৰিকেড অতিক্ৰম কৰিব বিচৰা কংগ্ৰেছী ওপৰত আৰক্ষীয়ে লাঠীৰে প্ৰহাৰ কৰাত কেইবাজনো কংগ্ৰেছী আহত হয়৷
কংগ্ৰেছৰ প্ৰতিবাদী সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাত সৃষ্টি হোৱা খণ্ডযুদ্ধত সুখমাই বসুমতাৰী আৰু ৰূপালী শইকীয়া নামৰ দুগৰাকী মহিলা কংগ্ৰেছী লগতে আহত হয় ইন্দ্ৰ দাস, মনোজ ভুঞা, আমিৰ হামজা আৰু আজাহাৰ নামৰ কংগ্ৰেছী কর্মী।

উল্লেখ্য যে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হোৱা কেলেংকাৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কৃষক বিৰোধী কৃষি বিধেয়ক আইন বাতিল কৰাৰ দাবীত নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কান্ধত নাঙললৈ আৰু প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱাই যুৱলি লৈ অংশ গ্ৰহণ কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদনা কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰি ৰকিবুল হুছেইনে কয় ‘গণতান্ত্ৰিক প্ৰতিবাদত বাধা দি চৰকাৰে অসমত আৰক্ষী ৰাজ আৰম্ভ কৰিছে’। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা এনে অত্যাচাৰৰ ন্যায়িক তদন্তৰ দাবীও কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷