কুন্দন ভৰালী

নগাঁও

২৩ অক্টোবৰ

নগাঁৱত হাইমাস্ক লাইটৰ আনুষ্ঠানিকভাৱে শুভউদ্বোধন কৰিলে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আমোলাপট্টি নাট্যমন্দিৰ আৰু আমোলপট্টি পূজা সমিতিৰ ১২৫ বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি সুদীৰ্ঘ তিনিটা দশক ধৰি অসম্পূৰ্ণ হৈ থকা নগাঁৱৰ পুলিচ ৰিজাৰ্ভ আৰু ভূঁঞাপট্টি সংযোগী দলংৰো শুভউদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে।

অসমৰ বিত্ত, স্বাস্থ্য আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগৰ উন্নয়ণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকাৰ লগত শুকুৰবাৰে নগাঁৱত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে প্ৰথমতে নগাঁও চহৰত সংস্থাপিত হোৱা ৩১ টা হাইমাস্ক লাইটৰ আনুষ্ঠানিকভাৱে শুভউদ্বোধন কৰে। ইয়াৰ পিছতে আমোলাপট্টি নাট্যমন্দিৰ আৰু আমোলপট্টি পূজা সমিতিৰ ১২৫ বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে। সুদীৰ্ঘ তিনিটা দশক ধৰি অসম্পূৰ্ণ হৈ থকা নগাঁৱৰ পুলিচ ৰিজাৰ্ভ আৰু ভূঁঞাপট্টি সংযোগী দলংৰো শুভউদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে। বিগত সময়ছোৱাত ধিং গেটত কৃত্ৰিম বানপানীৰ বাবে হোৱা সমস্যাৰ ফলত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ যোৱা যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। সেয়ে ৯ কোটি টকা ব্যয়ৰে ধিং গেট অঞ্চলৰ পৰা সোণাই নৈ সংযোগী নলাৰ কামৰ শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ভাগ লয়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে “আমাক উন্নয়ণ লাগে, বিকাশ লাগে, সেয়ে ৰাইজে কভিডক পৰাভূত কৰাত চৰকাৰক সহায় কৰক। যোৱা এমাহ ধৰি অসমত কভিড নিম্নগামী হৈছে। শাৰদীয় দূৰ্গোৎসৱৰ পিছৰ পৰা কভিড আৰু নিম্নগামী হ’ব। ৰাইজে কভিড সম্পৰ্কীয় চৰকাৰী নীতি-নিৰ্দেশনা ভালদৰে মানিব লাগিব”।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে নগাঁৱৰ বহু অসম্পূৰ্ণ কাম বিধায়ক ৰূপক শৰ্মাই সম্পূৰ্ণ কৰিছে। আমাৰ চৰকাৰৰ উদ্যোগত দ্ৰুত উন্নয়ণ হৈছে ৰাজ্যত। নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰত মহাসপ্তমীৰ পূজা আগবঢ়াই হিমন্ত বিশ্ব শৰ্মাই।