কুন্দন ভৰালী

নগাঁও

১৬ অক্টোবৰ

নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰত বিষপান কৰি এগৰাকী যুৱতীৰ আত্মহত্যাৰ চেষ্টা। ব্যক্তিগত খণ্ডত কৰ্মৰত যুৱতী গৰাকীৰ আত্মহত্যাৰ চেষ্টা চলোৱাৰ কাৰণ ৰহস্যৰ আৱৰ্ত্তত।

নগাঁও জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শুকুৰবাৰে এগৰাকী যুৱতীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাকলৈ নগাঁও চহৰত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰ এগৰাকী যুৱতীয়ে বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলায়। বিষপান কৰা যুৱতী গৰাকীক মন্দিৰৰ সেৱাকৰ্মীয়ে তৎপৰতা দেখুৱাই উদ্ধাৰ কৰি ১০৮ এম্বুলেন্স যোগে চিকিৎসালয়ত ভৰ্তি কৰাই। বৰ্তমানলৈকে যুৱতী গৰাকীৰ স্বাস্থ্য সম্পৰ্কে কোনো ধৰণৰ তথ্য লাভ কৰিব পৰা হোৱা নাই যদিও চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত যুৱতী গৰাকীৰ অৱস্থা সংকটজনক আছিল বুলি জানিব পৰা গৈছে।

আত্মহত্যাৰ চেষ্টা চলোৱা যুৱতী গৰাকী নগাঁৱৰ হাতীপাৰা অঞ্চলৰ বুলি চিনাক্ত কৰা হৈছে। যুৱতী গৰাকী এটা ব্যক্তিগত খণ্ডত কৰ্মৰত আছিল আৰু আত্মহত্যাৰ চেষ্টা চলোৱাৰ কাৰণ ৰহস্যৰ আৱৰ্ত্তত আছে।