শিবেন্দু বৰা

জুৰীয়া

১৩ আগষ্ট

নগাঁও জিলাৰ জুৰীয়াত ড্ৰাগছ আসক্ত এজন যুৱক আটক। স্থনীয় ৰাইজে ড্ৰাগছ আসক্ত যুৱক জনক আটক কৰি আৰক্ষীক গতাই দিয়ে। আৰক্ষীৰ দুৰ্বল ভূমিকাৰ ফলত জিলাখনত ড্ৰাগছ আসক্ত কিশোৰ-যুৱকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ অভিযোগ ৰাইজৰ।

মাৰাত্মক ড্ৰাগছৰ লগতে বিভিন্ন নিচাজাতীয় সামগ্ৰীয়ে ক্ৰমাৎ চানি ধৰিছে সমগ্ৰ নগাঁও জিলাখন। নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ লগতে জুৰীয়াত ড্ৰাগছৰ লগতে বিভিন্ন নিচাজাতীয় সমগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ ফলত জুৰীয়াত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত কিশোৰ-যুৱকৰ সংখ্যা। আৰক্ষীৰ দুৰ্বল ভূমিকাৰ সুযোগ গ্ৰহণ কৰি ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সমগ্ৰীৰ ব্যৱসায়ীসকলে নগাঁৱৰ চুকে কোনে গোপনে এই অবৈধ ব্যৱসায় মেলিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে নগাঁও জিলাৰ জুৰীয়াৰ আধাখুন্দা গাঁৱত ৰাইজে এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰি আৰক্ষীক গতাই দিয়ে। ড্ৰাগছ আসক্ত যুৱক জন ফাইজুল হক বুলি জানিব পৰা গৈছে। যুৱকজনে আবু বক্কৰ নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰে। ড্ৰাগছ আসক্ত যুৱকজনে ৰাইজক জানিবলৈ দিয়ে যে জুৰীয়াৰ শ শ যুৱক ড্ৰাগছৰ কবলত পৰিছে। ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি নগাঁৱৰ যুৱ প্ৰজন্ম তিল তিলকৈ ধ্বংসৰ মুখলৈ গতি কৰাৰ বিষয়ে ইয়াৰ আগতেও বহুবাৰ বাতৰি সম্প্ৰচাৰিত হৈছে।

আনহাতে বৃহস্পতিবাৰে নগাঁও চহৰৰ খুটিকাটিযত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ এজন সৰবৰাহ কাৰীক আটক কৰে। আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই গুৱাহাটীৰ বসন্ত বণিয়া নামৰ সৰবৰাহকাৰীক জনক নিচাজাতীয় দ্ৰব্যসহ আটক কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীৰ অভিযান অন্য এজন সৰবৰাহকাৰীক পলায়ন কৰে।