নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ৭ জুনঃ নলবাৰী চহৰৰ বালিকা মহাবিদ্যালয়ৰ সন্মুখত এখন ই-ৰিক্সাই দূৰ্ঘটনা সংঘটিত কৰাত আৰক্ষীয়ে ই-ৰিক্সাখন জব্দ কৰি জমচেৰ আলী নামৰ এজন আৰক্ষী কনিষ্টবলে ই-ৰিক্সাখন চলাই থানালৈ লৈ আহি থকা সময়ত হেমন্ত কলিতা নামৰ এজন চাহ বিক্ৰেতাক খুন্দা মৰাত একাংশ ৰাইজ উত্তেজিত হৈ কনিষ্টবলজনৰ ওপৰত জপিয়াই পৰে৷ উত্তেজিত ৰাইজে কনিষ্টবলজনক প্ৰহাৰ কৰাত কনিষ্টবলজন বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। পৰিস্থিতি অধিক উত্তপ্ত হোৱা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হোৱা কনিষ্টবলজনক উদ্ধাৰ কৰি থানালৈ লৈ আহে আৰু দূৰ্ঘটনাত আহত হোৱা হেমন্ত কলিতাক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায়৷ ই-ৰিক্সাৰ খুন্দাত আহত হোৱা হেমন্ত কলিতাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।