নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২৬ মেঃ নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত শনিবাৰে নলবাৰী চহৰত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিগত চাৰিবছৰত ৰাইজক বিভিন্ন দিশত বিশ্বাসঘাটকতা কৰাৰ প্ৰতিবাদত এক বৃহৎ সমদল উলিয়াই। নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা দলটোৰ মহিলা কৰ্মী সকলে বিশ্বাসঘাটকতা কৰা বিজেপি চৰকাৰ নিপাত যাওঁক, নৰেন্দ্ৰ মোদী হায় হায়, সবকা সাথ সবকা বিকাশৰ নামত ৰাইজক ৰামটাঙোন সোধোৱা নীতি বন্ধ কৰক, নাৰী নিৰ্যাতন-ধৰ্ষন ৰোধ কৰক, হত্যা-হিংসা ৰোধ কৰক, পেট্ৰ’ল -ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ বিজেপি চৰকাৰ মুৰ্দাবাদ, মোদী চৰকাৰ মূর্দাবাদ ধ্বনিৰে নলবাৰী চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি নলবাৰী চহৰৰ পথ উত্তাল কৰি তোলে।