নলবাৰী, সংবাদ ৩৬৫, ২৭ এপ্ৰিল : চৰকাৰে ৰে’ড জ’ন হিচাপে ঘোষণা কৰা নলবাৰী জিলাৰ এজন বিশিষ্ট ব্যৱসায়ী দিলীপ কুমাৰ দাসৰ মহানুভৱতা। লকডাউনৰ সময়ত দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি ব্যৱসায়ীজনে দেখুৱালে মহানুভৱতা।

কভিড-১৯ কৰ’ণা ভাইৰাছক লৈ এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব। কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানক্ৰমে যোৱা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশতে অব্যাহত আছে লকডাউন। দেশজুৰি লকডাউনৰ এই সংকটৰ সময়ত দুখীয়া পৰিয়ালৰ মাজত দেখা দিছে খাদ্য সংকট। সমাজৰ বিভিন্নজনে সংকটৰ এই সময়ত দুখীয়া ৰাইজৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াই আহিছে। এনে সময়তে নলবাৰী জিলাত কৰ’ণা ভাইৰাছ আক্রান্ত ব্যক্তিৰ থকাৰ বাবে চৰকাৰে জিলাখনক ৰে’ড জ’ন হিচাপে ঘোষণা কৰিছে। ৰে’ড জ’ন হিচাপে ঘোষিত জিলাখনৰ দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতা দেখুৱালে নলবাৰীৰ ভাগ্যশ্ৰী মটৰ্চৰ স্বত্বাধিকাৰি দিলীপ কুমাৰ দাসে। জিলাখনৰ বিভিন্ন অঞ্চলৰ কৃষিজীবি আৰু শ্ৰমজীৱি লোকসকল লকডাউনৰ ফলত খাদ্য সংকটত ভুগি থকাত এই লোক সকলক সহায় কৰিবলৈ নলবাৰী জিলাৰ ভাগ্যশ্ৰী মটৰ্চৰ স্বত্বাধিকাৰি দিলীপ কুমাৰ দাসে অসম যুৱ পৰিষদৰ সহযোগত বিভিন্ন অঞ্চলৰ ৪০০০ টা পৰিয়ালৰ মাজত চাউল, ডাইল, আলু, পিয়াজ, মিঠাতেল, চয়াবিন, চেনি, চাহ, বিস্কুট আদি খাদ্য সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।

উল্লেখযোগ্য যে দিলীপ কুমাৰ দাসে জিলাখনৰ বিশেষভাৱে সক্ষম লোক সকলৰ লগতে বিভিন্ন মঠ-মন্দিৰৰ সাধু সকলকো খাদ্য যোগান ধৰাৰ বাবে এক বিশেষ আঁচনি হাতত লৈছে। দিলীপ কুমাৰ দাসে নামনি অসমৰ জিলা সমূহৰ জৰুৰীকালীন সেৱাত ব্যৱহাৰ হোৱা বাহন সমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ চেনটাইজ কৰি আছে। সংকটৰ এই সময়ত দিলীপ কুমাৰ দাসে ৰাইজৰ বাবে লোৱা বিভিন্ন পদক্ষেপক সকলোৱে শলাগ লৈছে।