তেজপুৰ, সংবাদ ৩৬৫, ২৭ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শোণিতপুৰ জিলাৰ তেজপুৰত অভিনৱ প্ৰতিবাদ। দেওবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শোণিতপুৰ জিলা মিস্ত্ৰী আৰু শ্ৰমিক সন্থাই এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে৷ তেজপুৰৰ গৰৈমাৰীৰ পৰা শোণিতপুৰ জিলা মিস্ত্ৰী আৰু শ্ৰমিক সন্থাই প্ৰতিবাদী সমদল উলিয়াই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী সমদলত চাৰিজন অংশগ্ৰহণকাৰীয়ে মুখত ক’লা কাপোৰ বান্ধি প্ৰতীকি অৰ্থত হিন্দু বাংলাদেশী সজাই ঝাড়ুৰে কোব শোধাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপনৰ যি চক্ৰান্ত চলাইছে তাৰ ঘোৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল তথা ৰাজ্যৰ বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে৷