নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিৰুদ্ধে সৰুপথাৰত প্ৰতিবাদ ছাত্ৰ সমাজৰ

In ৰাজ্য

সৰুপথাৰ, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সৰুপথাৰত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ছাত্ৰ সমাজ ৷ সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ধনশিৰি মহকুমা ছাত্ৰ সমাজে জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত ৰূপায়ণ কৰে ছাত্ৰ বিক্ষোভ কাৰ্যসূচী ৷ প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে সৰুপথাৰ মহাবিদ্যালয়ৰ পৰা সমদল কৰি আহি সৰুপথাৰ নগৰৰ মাজমজিয়াত গান্ধী মূৰ্ত্তিৰ সমীপত পথ অৱৰোধ কৰে ৷ পথ অৱৰোধৰ সময়ত পথৰ দুয়ো পাৰে ব্যাপক যান যতৰ সৃষ্টি হয় ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মুদী গ’ বেক, সৰ্ব্বানন্দ সোণোৱাল মূৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক ধ্বনীৰে সৰুপথাৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে ৷

Comments

comments

You may also read!

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু আৰক্ষী প্ৰধানৰ মন্তব্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ জুলাই : অসমৰ ৩১খন জিলাই এতিয়া বানৰ কৱলত । ৰাজ্যৰ লাখ লাখ মানুহ এতিয়া

Read More...

ৰাজ্যৰ বানক লৈ দিল্লীত সৰৱ হৈ পৰিছে অসমৰ সাংসদ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ জুলাই : শেহতীয়াকৈ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন স্থানত ভূমিস্খলন আৰু বানৰ সৃষ্টি

Read More...

বিশিষ্ট সাহিত্যিক,ঔপন্যাসিক পূৰৱী বৰমুদৈৰ দেহাৱসান : সাহিত্যিক গৰাকীৰ অন্তিম ইচ্ছা অনুসৰি চকুদান আৰু দেহদানৰ ব্যৱস্থা

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুলাই : বিশিষ্ট সাহিত্যিক,ঔপন্যাসিক পূৰৱী বৰমুদৈৰ দেহাৱসান। সোমবাৰে পুৱা ৬ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন

Read More...

Mobile Sliding Menu