গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৭ মেঃ ভাৰতীয় সংবিধান অনুসৰি সকলো হ’ব লাগে, হিন্দু, মুছলিম, বঙালী লৈ ভেদাভেদ নকৰি আইনক উৰ্ধত ৰাখিব লাগে। নতুন আইন বলবৎ নকৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰক পুনৰ বিবেচনা কৰাৰ আহ্বান বিশিষ্ট অভিনেতা আদিল হুছেইনৰ৷ গোৱালপাৰা চহৰৰ মিলনগৰত দেওবাৰে ব্রকফিল্ড নামৰ ব্যক্তিগত শিক্ষানুস্থানৰ শুভ উদ্বোধন কৰি বিশিষ্ট অভিনেতা গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰে৷ অনুষ্ঠানত অভিনেতা গৰাকীয়ে নিজৰ জন্মস্থান গোৱালপাৰাৰ বহু স্মৃতি সুৱৰাৰ লগতে মানৱ জীৱন গঢ়াৰ সংকল্প লৈ নতুনকৈ আত্মপ্ৰকাশ কৰা ব্রকফিল্ড নামৰ শিক্ষানুস্থানখনে সমগ্ৰ ৰাজ্যখনতে শিক্ষাৰ এক বিপ্লৱ সুচনা কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে৷ উদ্বোধনী অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক অমিতাভ সিংহাৰ লগতে ভালে সংখ্যক বিশিষ্ট শিক্ষাবিদ আৰু জিলাখনৰ জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে।