গুৱাহাটী, সংবাদ ৩৬৫, ১ মে’ : অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক জ্যোতিমণি মৰাণে যোৱা ৩০ এপ্ৰিলত দলৰ পদবী তথা দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰি অসম যুৱ পৰিষদৰ সম্পাদক ভাস্কৰজ্যোতি দাসক হোৱাটছ আপ যোগে পত্ৰ প্ৰেৰণ কৰে । দলৰ নীতি-নিয়ম আৰু সামাজিক শৃংখলা ভংগ কৰা আৰু সামাজিক মাধ্যমত বক্তব্য দি থকাৰ বাবে অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ পৰা বহিস্কাৰ কৰে ভাস্কৰ জ্যোতি দাসক। কিন্তু উক্ত অভিযোগ সম্পূৰ্ণ মনেসজা আৰু ভিত্তিহীন কথা বুলি এক সংবাদমেল অনুষ্ঠিত কৰি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে ভাস্কৰজ্যোতি দাসে।

অসম গণ পৰিষদৰ সভাপতি আৰু অসম যুৱ পৰিষদৰ সভাপতি সুনিল ডেকাক প্ৰত্যাহ্বান জনাই ভাস্কৰজ্যোতি দাসে কয় ” ২৪ ঘণ্টাৰ ভিতৰত মোৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ তথ্য প্ৰমাণ সহকাৰে দাখিল কৰক ,মই মোৰ ৰাজনীতিৰ জীৱন ত্যাগ কৰিম।”

দাসে আৰু কয় যে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণেই এইদৰে আক্ৰোশমূলকভাৱে বহিস্কাৰ কৰা হৈছে । দলে বাটৰ কাঁইট আঁতৰাব খুজিছে তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হ’বৰ বাবে। এইয়া অসম গণ পৰিষদ দলৰ সংবিধানৰ সম্পূৰ্ণ উলংঘন । মোৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সম্পৰ্কে কোনো কথাই স্পষ্টকৈ নোজনোৱাকৈ হঠাৎ এনে চৰম অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আঁৰত অন্য ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে সেয়া স্পষ্ট হৈ পৰিছে।

“এইয়া মুষ্টিমেয় নেতাৰ ষড়যন্ত্ৰ । আভ্যন্তৰীণ গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে দলে। নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে ডিঙিৰ শিৰ ফুলাই ফুলাই কথা কোৱা আচলতে নাটক আছিল । এনেদৰে হাজাৰবাৰ বহিস্কাৰ কৰিলেও বুকু পাতি লম।” সংবাদমেলত এনেদৰেও মন্তব্য কৰে দাসে।

অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিলৈ ভাস্কৰজ্যোতি দাসে অনুশাসনমূলক ব্যৱস্থাৰ নামত প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰি অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক জ্যোতিমণি মৰাণৰ ৩০ এপ্ৰিলত দিয়া পত্ৰৰ বিৰুদ্ধে এখন গোহাৰি প্ৰেৰণ কৰে আৰু অসম যুৱ পৰিষদৰ পদবীৰ পৰা লগতে দলৰ সাধাৰণ সদস্য পদৰ পৰা বহিস্কৰণৰ আক্ৰোশমূলক আৰু অসাংবিধানিক নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনায়।