কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৪ জুনঃ কংগ্ৰেছে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰিব বুলি একাংশ সংবাদ মাধ্যমত চৰ্চা চলি থকাৰ সময়তে সোমবাৰে জনীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে বৰপেটা জিলাৰ কলগাছিয়াৰ উদমাৰিত অনুষ্ঠিত হোৱা এখন সভাত অংশ গ্ৰহণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে, আজমলৰ কথা কোনে কৈছে, আমিতো আজমলৰ কথা কোৱা নাই। আমি অগপকহে নেতৃত্ব লবলৈ কৈছো। অসমত মুখ্যমন্ত্ৰী কোন হব তাক নিৰ্ধাৰণ কৰিব অগপ আৰু বিপিএফ দলে। সংবাদ মাধ্যমে কলেই নহব। ইয়াত যি সকল দলৰ বিধায়ক আছে এই বিধায়ক সকলেহে ঠিক কৰিব। কিন্তু এটা কথা ঠিক যে, যদি সোনোৱাল ডাঙৰীয়াই নাগৰিক সংশোধনী বিধেয়কক বিৰোধী কৰা বিদ্ৰোহী বিধায়ক সকলক লৈ বিজেপিৰ পৰা ওলাই আহে তেন্তে মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সনোৱালক কংগ্ৰেছে সমৰ্থন কৰিব। বিধায়ক গৰাকীয়ে আৰু কয় যে, আজমলক সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে, কাৰণ অসমত বিজেপিৰ উত্থানৰ একমাত্ৰ কাৰক হল বদৰুদ্দিন আজমল। আমি অগপক সমৰ্থন কৰা নাই, কিন্তু আমি কৈছো যে, প্ৰফুল্ল মহন্ত আৰু অতুল বৰাই নেতৃত্ব লোৱা চৰকাৰক আমি সমৰ্থন কৰিম।