শিমলুগুৰি, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ: নাজিৰা বিদ্যুৎ উপসংমণ্ডল গড়গাঁওস্থিত কাৰ্য্যালয়ত মঙ্গলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি অাৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, শিৱসাগৰ জিলা সমিতিয়ে বিদ্যুৎ বিভাগ মুৰ্দাবাদ, শক্তি মন্ত্ৰী তপন গগৈ মুৰ্দাবাদ, বিভাগীয় কৰ্তৃপক্ষ মইমতালি অাদি বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শক্তি বিতৰণ কোম্পানীৰ (নাজিৰা উপ সংমণ্ডল) বিসংগতিৰ ফলত গ্ৰাহকে অতিৰিক্ত বিদ্যুতৰ মাচুল বহন কৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে নাজিৰা বিদ্যুৎ সংমণ্ডলৰ মহাপ্ৰৱন্ধকলৈ স্মাৰক প্ৰদান কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতি অাৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি দাবী জনায় যে অভিজ্ঞ মিটাৰ ৰিদিংৰ দ্বাৰা কাম সমূহ সম্পূৰ্ণ কৰা, মিটাৰ পূণৰ নিৰিক্ষণৰ সকলো যাৱতীয় ব্যৱস্থা বিভাগে গ্ৰহণ কৰিব লাগিব। যি সমূহ গ্ৰাহকৰ বিলৰ বিসংগতিয়ে দেখা দিছিল তেওঁলোকৰ প্ৰতিজন গ্ৰাহকৰ প্ৰাপ্য মাচুল বাদ দি অতিৰিক্ত মাচুলৰ বোজা কৰ্তন কৰিব লাগিব, যি সমূহ চৰকাৰী বিদ্যুৎ সেৱাৰ মিটাৰসমূহ অচল হ’ল তেওঁলোকক সকলো মাচুল মাফ কৰি দিব লাগিব অাদি ৪টা দাবীৰে স্মাৰক প্ৰত্ৰ প্ৰদান কৰে। প্ৰতিবাদকাৰী সকলৰ অাগত বিদ্যুৎ সংমণ্ডলৰ মহাপ্ৰৱন্ধকে শেয় মানি দাবীসমূহ মানি লয়। আৰু লগতে লিখিত প্ৰতিশ্ৰতি দিয়ে অন্যথা ৭দিনৰ ভিতৰত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি অাৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, শিৱসাগৰ জিলা সমিতিয়ে। কাৰ্যসূচীত উপস্থিত অাছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা দীপেন ফুকন, প্ৰণয় হাজৰিকা, নেত্ৰী অম্বীকা শইকীয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰিতুমনি হাজৰিকা, অাছিফ ইছলাম, বিকাশ ফুকনৰ লগতে শতাধিক কৰ্মী উপস্থিত অাছিল।