শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২৩ জুলাইঃ সমগ্ৰ নাজিৰা মহকুমাত মহকুমাধিপতি ৰাজীব থাপাৰ নিদেশত আবকাৰী বিভাগৰ অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। এই অভিযানৰ অংশস্বৰূপে নাজিৰা মহকুমাৰ আবকাৰী বিভাগে নাজিৰা আৰু বিহুবৰ আৰক্ষী থানাৰ অন্তগত নাজিৰা ফুলনীবাৰী, চেলেংপথাৰ, বিহুবৰ শিলনী, বিহুবৰ ২ নং ৰেলৱে কোৱাৰী আৰু অ এন জি চি গেটৰ সমীপত যোৱা কিছুদিন ধৰি অভিযান চলাই অবৈধ সুৰা ব্যৱসায়ৰ ব্যৱসায়ীৰ বিৰুদ্ধে মুঠ ১০ টা গোছৰ ৰুজু কৰিছে। অভিযানত ১৭ লিটাৰ চুলাই মদ, ২৫০ লিটাৰ মদ বনোৱা পাছ, ১ টা মদ বনোৱা যন্ত্ৰ, ৬ লিটাৰ বিলাটী মদ আৰু কিছু পৰিমানৰ বীয়েৰ আৰু দেশীয় মদও জব্দ কৰিছে।