শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ৫ জুনঃ সমগ্ৰ বিশ্বৰ লগতে নাজিৰা মহকুমা সদৰতো মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে মহকুমাটোৰ বিভিন্ন অঞ্চলত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে পুৱাৰ ভাগত নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত কাৰ্যলয়টোৰ বিষয়া কৰ্মচাৰীৰ অংশগ্ৰহনত বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি ৰাজীৱ থাপাই।স্থানীয় গড়গাঁও মহাবিদ্যালয়ৰ এনএছএছ বাহিনী আৰু ইকৌ ক্লাবৰ উদ্যোগত তথা নাজিৰা মহকুমা প্ৰশাসনৰ সহযোগত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত প্লাস্তিক প্ৰদুষণ ৰোধ কৰাৰ উপৰত এখন সজাগতা সভাৰো আয়োজন কৰা হয়। সভাত এনএছএছ বাহিনীৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্লাস্তিক প্ৰদুষণ ৰোধ কৰাৰ উপৰত সাজি উলিওৱা বিভিন্ন আৰ্হিৰ মডেল উপস্থাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহকুমাধিপতি থাপাই প্লাস্তিকৰ সামগ্ৰী আমাৰ দৈনন্দিন জীৱনত কমকৈ ব্যৱহাৰ কৰা, পেলনীয়া প্লাস্তিকৰ সামগ্ৰীৰ দ্বাৰা যাৱতীয় সামগ্ৰী তৈয়াৰ কৰা আৰু পেলনীয়া প্লাস্তিকৰ সামগ্ৰী বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ ব্যৱসাৰৰ উপযোগী কৰি প্লাস্তিক প্ৰদুষণ নিয়ন্ত্ৰণ কৰাৰ উপৰত তথ্য সহকাৰে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মহকুমাধিপতিৰ উপৰিও উক্ত সভাত অংশগ্ৰহন কৰে সহকাৰী আয়ুক্ত অদিতি বৰ্মন, জনস্ংযোগ বিষয়া জয়ন্ত মাউত, গড়গাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা ড° ৰিমঝীম বৰা তথা নাজিৰা উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে। লক্ষনীয়ভাবে নাজিৰা উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ ছাত্ৰ দীকশীত শইকীয়াই ‘কৰতল কমল’ৰ আৰ্হিত আ-কাৰ, ই-কাৰ নোহোৱাকৈ প্লাস্তিক প্ৰদুষণ আৰু ইয়াৰ উপৰত প্ৰয়োজনীয় সজাগতা সৃষ্টিক বিষয়বস্ত হিচাবে লৈ ৰচনা কৰা এটি আকৰ্ষনীয় কবিতা মহকুমাধিপতি ৰাজীৱ থাপাক অৰ্পণ কৰে। আনহাতে বিহুবৰবাসী ৰাইজৰ উদ্যোগত পালন কৰা বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত বিহুবৰ ৰঙাজান প্ৰাথমিক বিদ্যালয়, বিহুবৰ শিলনী মধ্য ইংৰাজী বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচী স্থানীয় ৰাইজ আৰু মহকুমা প্ৰশাসনৰ দ্বাৰা সম্পন্ন কৰা হয়। নাজিৰাৰ ৰাজহ চক্ৰবিষয়া ড° গনেশ চন্দ্ৰ দাসৰ প্ৰত্যক্ষ সহযোগত অনুষ্ঠিত কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলৰ লগত পৰিৱেশ সজাগতাৰ ওপৰত বিভিন্ন বিষয়ক সামৰি মহকুমাধিপতি আৰু চক্ৰ বিষয়াই মত বিনিময় কৰে। সমান্তৰাল ভাবে নাজিৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত স্থানীয় চেলেংপথাৰ অঞ্চলত বৃক্ষৰোপণ কৰে কোষাগাৰ বিষয়া তপনজিত ডেকা আৰু পশু চিকিৎসক ডা° জগদীশ বৰ্মনে।