ধুবুৰী, সংবাদ ৩৬৫, ১০ জুনঃ এগৰাকী নাবালিকাক অপহৰনৰ গোচৰত ধুবুৰী আৰক্ষীৰ হাতত এজন সন্দেহযুক্ত বাংলাদেশী যুৱক গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই সমগ্ৰ ধুবুৰী জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আলতাফ আলী নামৰ এজন সন্দেহযুক্ত বাংলাদেশী যুৱকে শনিবাৰে নিশা ধুবুৰী জিলাৰ আগমনীৰ এগৰাকী নাবালিকাক বাংলাদেশলৈ পলাই লৈ যোৱাৰ চেষ্টা কৰোতে টাকিমাৰী সীমান্তৰ কাইম ভাষানিৰপৰাৰ পৰা ধুবুৰীৰ এমকে ৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আলতাফ আলীৰ বিৰুদ্ধে জিলাখনৰ আগমনী থানাত কিছুদিন পূৰ্বে এগৰাকী নাৱালিকাক অপহৰনৰ কৰাৰ গোচৰ ৰুজু হৈছিল। আৰক্ষীয়ে আলতাফ আলীৰ সন্ধানত অভিযান চলাই ধুবুৰী জিলাৰ সীমান্তৰ টাকিমাৰী অঞ্চলত আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে নাবালিকা গৰাকীক উদ্ধাৰ কৰে। আৰক্ষীয়ে আলতাফ আলীৰ কবলৰ পৰা পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ কিছু নথিপত্ৰ উদ্ধাৰ কৰিছে যদিও যুৱকজন এজন অবৈধ বংলাদেশ নাগৰিক বুলি সন্ধেহ কৰা হৈছে। আলতাফ আলীয়ে প্ৰায় ১৫ বছৰ পূৰ্বে পশ্চিম বংগৰ জলপাইগুড়ি জিলাৰ ধূপগুৰি অঞ্চলৰ জফি উদ্দিন নামৰ এজন লোকক পিতৃ দায় দি ভাৰতীয় নথি পত্ৰ বনাই লোৱা বুলি জানিব পৰা গৈছে। সন্ধেহযুক্ত বাংলাদেশী আলতাফ আলী জিলাখনৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বানিজ্য কেন্দ্ৰত শিলৰ ব্যৱসায়ৰ লগত জড়িত বুলি স্বীকাৰ কৰে। বৰ্তমানে ধুবুৰী আৰু আগমনী আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত আলতাফ আলীক জেৰা অব্যাহত ৰাখিছে।