নামৰূপ, সংবাদ ৩৬৫, ৫ অক্টোবৰ: অসমীয়া জাতিৰ ধৰ্ম আৰু সাংস্কৃতিক নিৰ্মাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক চৰম অপমান কৰা পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বৰালে কৰা বিতৰ্কিত মন্তব্যকলৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে কৰা প্ৰতিবাদৰ সমান্তৰালকৈ শুকুৰবাৰে নামৰূপ সোনাৰি তিনিআলিত বৃহত্বৰ অসমীয়া মহিলা মঞ্চ আৰু যুৱ মঞ্চৰ সদস্য সকলে সতীনাথ বৰালৰ প্ৰতিমূৰ্তি দাহ কৰে। মহাপুৰুষ গৰাকীক কৰা এনে কটু মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দি বৰালৰ প্ৰতিকৃতি দাহ কৰে । নামৰূপ সোনাৰি তিনিআলিত প্ৰতিকৃতি দাহ কৰি পতঞ্জলী মুৰ্দাবাদ, ৰামদেৱ মূৰ্দাবাদ, সতীনাথ বৰাল মূৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে।