নামৰূপ, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ: ঠিকা শ্ৰমিক সকলৰ চাকৰি নিয়মীয়া কৰা, আগন্তুক সময়ত হবলগীয়া এ পি ডি চি এলৰ পৰীক্ষাত সকলো ঠিকা শ্ৰমিককে আৱেদন আৰু সাক্ষাৎকাৰত বহিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা, স্হায়ী নিযুক্তি নোপোৱা ঠিকা শ্ৰমিক সকলৰ সু ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিভিন্ন দাবীত দেওবাৰৰ পৰা ঠিকা শ্ৰমিক সকলে ১০০ ঘণ্টীয়া কৰ্ম বিৰতি কাৰ্য্যসূচী ৰূপায়ন কৰি নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সন্মুখত অসম শক্তি নিগমৰ অস্হায়ী শ্ৰমিক সন্হাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে অস্হায়ী শ্ৰমিক সন্হাই তেওঁলোকৰ দাবী সমূহ পূৰণৰ বাবে দীৰ্ঘ দিন ধৰি দাবী তুলি আহিছিল কিন্তু অতি পৰিতাপৰ বিষয় যে আজি কোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। আনকি ইমানবোৰ প্ৰতিবাদ হৈ থকাৰ পিছতো প্ৰতিবাদস্থলীলৈ আহিবলৈ আহৰি নাই চৰকাৰী বৰমূৰীয়া সকলৰ । ইফালে যদিহে বিভাগীয় কৰ্তৃপক্ষই অনাগত দিনত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অহা শুকুৰবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ অনশন কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে শ্ৰমিক সকলে ।