নাহৰকটীয়া, সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ: নামৰূপ অসম শক্তি উৎপাদন কোম্পানিৰ তাপ বিদ্যুৎ কেন্দ্ৰত ঠিকা ভিত্তিক শ্ৰমিক সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে শুকুৰবাৰে পুৱাৰ পৰাই আমৰণ অনশনৰে শ্ৰমিক সকলে আৰম্ভ কৰিছে তীব্ৰ প্ৰতিবাদ। উল্লেখযোগ্য যে ঠিকা শ্ৰমিক সকলৰ চাকৰি নিয়মীয়া কৰা, আগন্তুক সময়ত হবলগীয়া এ পি জি চি এল ৰ পৰীক্ষাত সকলো ঠিকা শ্ৰমিককে আৱেদন আৰু সাক্ষাৎকাৰত বহিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা, স্হায়ী নিযুক্তি নোপোৱা ঠিকা শ্ৰমিক সকলৰ সু ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিভিন্ন দাবীত শুক্ৰবাৰে পুৱাৰে পৰা শতাধিক ঠিকা শ্ৰমিক সকলে আৰম্ভ কৰিছে আমৰণ অনশন কাৰ্যসূচী। ইফালে অস্হায়ী শ্ৰমিক সন্হাই তেওঁলোকৰ দাবী সমূহ পূৰণৰ বাবে দীৰ্ঘ দিন ধৰি দাবী জনাই আহিছিল কিন্তু আজি কোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আনকি ইমানবোৰ প্ৰতিবাদ হৈ থকাৰ পিছতো প্ৰতিবাদস্থলীলৈ আহিবলৈ আহৰি নাই চৰকাৰী বৰমূৰীয়া সকলৰ । ইফালে যদিহে বিভাগীয় কৰ্তৃপক্ষই অনাগত দিনত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনশন কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ দিছে শ্ৰমিক সকলে ।