তিতাবৰ, সংবাদ ৩৬৫, ৭ মে’ : নিয়ন্ত্ৰণ হেৰুৱাই ষ্ট্ৰীট লাইটৰ পোষ্টত খুন্দা মাৰি থিতাতে মৃত্যু হয় এজন যুৱকৰ । নিহত হোৱা যুৱক জনৰ নাম সঞ্জীৱ হাজৰিকা । এ এছ ০৩ আৰ ৯৩৬১ নম্বৰৰ গ্লেমাৰ বাইকেৰে তীব্ৰ বেগত আহি থকা অৱস্থাত তিতাবৰ গ্ৰীণফিল্ড একাডেমিৰ সমীপত সংঘটিত হয় এই ঘটনা।

প্ৰাপ্ত খবৰ অনুসৰি সঞ্জীৱ হাজৰিকাৰ ঘৰ তিতাবৰ তেলীয়া পতিত। প্ৰতক্ষ্যদৰ্শীৰ ভাষ্য অনুসৰি সঞ্জীৱ হাজৰিকাই তিতাবৰ চাৰিআলিৰ পৰা তিতাবৰ তিনি আলি দিশে গৈ থকাৰ অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ষ্ট্ৰিক লাইটৰ পষ্টত খুন্দা মৰা ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত নিহত হোৱা সঞ্জীৱ হাজৰিকাক মৰুণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।