গুৱাহাটী, সংবাদ ৩৬৫ , ১১ মে’ : ৰসাতলে গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিত্ত বিভাগ । এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকাৰৰ। শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰি নৃপেন মালাকাৰে কয় যে অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা লোক সভা নিৰ্বাচনত প্ৰতিখন সভাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবন্ধীসকলক ১,০০০ টকাকৈ মাহিলী পেঞ্চন প্ৰদান কৰাৰ দাবী নকৰক কিয় সেইয়া হিতাধিকাৰীসকলে বিত্ত বিভাগৰ ভুলৰ বাবে প্ৰাপ্য ধন ৰাশিৰ পৰা বঞ্চিত হৈছে ।

নিৰ্বাচনৰ ধামখুমীয়াত নাচি-বাগি মতলীয়া হৈ থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্য্যৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি তেখেতৰ অধীনস্থ বিত্ত বিভাগে এই ধন বেংকলৈ প্ৰেৰণ নকৰিলে। এই ধনৰাশি এসপ্তাহৰ ভিতৰত মোকলাই দিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাক সংবাদমেলৰ জৰিয়তে দাবী জনায় সংস্থাৰ নৃপেন মালাকাৰে। যদিহে এই কাৰ্য্য কৰিব নোৱাৰে তেন্তে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি বিত্ত বিভাগৰ পৰা স-সন্মানে পদত্যাগ কৰিবলৈ দাবী জনায় মালাকাৰে। লগতে কয় যে অহা ৭ দিনৰ ভিতৰত উক্ত ধনৰাশি উপযুক্ত ব্যৱস্থা নহলে প্ৰতিবন্ধীসকলে নিজৰ প্ৰাপ্য আজুৰি আনিবলৈ যি কোনো কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব আৰু ইয়াৰ বাবে দায়ী হব অসম চৰকাৰ আৰু পোনপটীয়াভাৱে বিত্ত বিভাগ।

ইয়াৰোপৰি যি সময়ত থলুৱা নিযুক্তিৰ বাবে অসম উত্ৰাৱল হৈ আছে সেই সময়ত ৰেল-বিভাগত উত্তৰ-পূৱৰ প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত পদসমূহত যি সিমূহৰ বাবে ২০১৮ চনৰ অক্টোবৰ মাহত লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গল আৰু পৰীক্ষাত উত্তীৰ্ণসকলৰ নথি পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে সেই সময়তে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে এক সূত্ৰৰ যোগেদি লাভ কৰা তথ্য অনুসৰি উত্তৰ-পূবৰ সংৰক্ষিত পদসমূহত বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিবলৈ ৰেল বিভাগৰ এটা লবী সক্ৰিয় হৈ উঠিছে। ৰেল বিভাগক সকীয়নী দি কয় সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে সংৰক্ষিত পদটো কোনো বহিৰাগতক নিযুক্তি দিব নোৱাৰিব । অন্যথা ৰেল বিভাগৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হব। তাৰবাবে দায়ী হব ভাৰত চৰকাৰৰ ৰেল বিভাগ।