ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২২ জুনঃ কাৰ্বি আংলঙ জিলাৰ ডকমকাত অন্ধবিশ্বাসৰ বলি হোৱা গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথৰ স্মৃতি যুগমীয়া কৰি ৰখা আৰু সমাজৰ পৰা অন্ধবিশ্বাস আতৰ কৰাৰ উদ্দেশ্যে সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতি আৰু আলফাৰ যুদ্ধবিৰতি গোট কাকপথাৰ শিবিৰৰ উদ্যোগত ডুমডুমা আৰু ডিগবৈ বন সংমণ্ডল আৰু মাকুমবাসী ৰাইজৰ সহযোগত শুক্ৰবাৰে এক বৃক্ষৰূপন কাৰ্যসুচী অনুষ্ঠিত কৰা হয়৷ পুৱা ৯ বজাত মাকুম জ্যোতিনগৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত বৃক্ষৰূপন অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বৃক্ষ ৰূপন কৰে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰীনা মেচ, লাইপুলী সেনা চাৱনীৰ কামানডেন্ট ক্ৰীটি নায়াৰ আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে৷ বৃক্ষৰূপন কৰি সকলোৱে অন্ধবিশ্বাসৰ বলি হৈ প্ৰাণ হেৰুওৱা নিলোৎপল দাস আৰু অভিজিৎ নাথৰ আত্মাৰ শান্তিৰ কামনা কৰে। আনহাতে বৃক্ষ ৰূপন অনুষ্ঠানৰ পিছতেই ১১ বজাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত নিৰ্মাণ হবলগীয়া মাকুম ঢেলাঘাট পথৰ পৰা মটাপুং গাঁৱলৈ ৩ কিঃমিঃ দৈৰ্ঘ্যৰ পথৰ আধাৰশিলাও স্থাপন কৰে বিধায়ক সুৰেন ফুকনে৷ দিনৰ ১ বজাত ডিব্ৰুগড় লোকসভা সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত বিধায়ক ফুকনে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত নিৰ্মাণ হবলগীয়া মাকুমআলি পথৰ পৰা ২ নং নাজিৰাটিং গাঁও পথৰো আধাৰশিলা উদ্বোধন কৰে৷ বিয়লি ২.৩০ বজাত ২০১৬-১৭ বৰ্ষৰ অসম চৰকাৰৰ পথ মেৰামতি ও উন্নয়ণ শিতানৰ ১২১.৮৬ লাখ টকা পুঁজিৰে নিৰ্মাণ সম্পুৰ্ণ কৰা বৰবিল গাঁও পঞ্চায়তৰ কেন্দুগুৰীৰ পৰা লক্ষীপথাৰ সংযোগী পথটি শুভ উদ্বোধন কৰে বিধায়ক গৰাকীয়ে৷ অঞ্চলটোৰ শতাধিক ৰাইজৰ উপস্থিতিত সাংসদ তেলীয়ে কেন্দ্ৰীয় চৰকাৰৰ বহুকেইটা জনকল্যাণমুখী আঁচনি সন্দৰ্ভত বক্তব্য প্ৰদান কৰাৰ উপৰি ডিগবৈত সম্পন্ন হোৱা কামৰ ভুয়সী প্ৰশংসা কৰে৷ বিয়লি ৩ বজাত বিধায়ক গৰাকীয়ে অসম চৰকাৰৰ পথ মেৰামতি ও উন্নয়ণ শিতানৰ ২৮ লাখ টকা পুঁজিৰে নিৰ্মাণ সম্পুৰ্ণ কৰা ২ নং টিপম পথৰ শুভ উদ্বোধন কৰে৷