কলগাছিয়া

২৪ অক্টোবৰ

কলগাছিয়াত ৰুবুল আলম শিকদাৰৰ নকল সাৰৰ বেহা। পটাচৰ নামত ৰং কৰা নিমখ বিক্ৰী কৰাৰ অভিযোগ খেতিয়কৰ। মানৱ কল্যান বীজ ভাণ্ডাৰৰ পৰা উদ্ধাৰ ৫২ বস্তা নকল সাৰ। বীজ ভাণ্ডাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ।

বৰপেটা জিলাৰ কলগাছিয়া কৃষি চক্ৰৰ অন্তৰ্গত কলগাছিয়া, ডিমাপুৰ, লাচাংগা, বিলৰটাৰী আদি গাঁৱৰ একাংশ খেতিয়কে কলগাছিয়াৰ মানৱ কল্যাণ বীজ ভাণ্ডাৰৰ সত্বাধিকাৰ ৰুবুল আলম শিকদাৰৰ পৰা ৰাসায়নিক সাৰ কিনি পাচলি খেতিত প্ৰয়োগ কৰাৰ পাছতে খেতি সমূহ ধ্বংস হৈ যোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মানৱ কল্যাণ বীজ ভাণ্ডাৰে পটাচ সাৰৰ সলনি ৰং মিহলাই নিমখ বিক্ৰী কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ভোক্তভোগী খেতিয়ক সকলে। অভিযোগৰ ভিত্তিত কলগাছিয়া বজাৰ বীজ ভাণ্ডাৰ সন্থাই তদন্ত চলাই মানৱ কল্যাণ বীজ ভাণ্ডাৰৰ পৰা ৫২ বস্তা নকল পটাচ সাৰ উদ্ধাৰ কৰে। পটাচ সাৰ বিক্ৰীৰ বিনিময়ত গ্ৰাহকক কোনো ধৰণৰ ৰচিড নিদিয়াৰ কথাও অকপটে স্বীকাৰ কৰে দোকানী ৰুবুল আলম শিকদাৰে। কৃষক মুক্তি সংগ্ৰাম সমিতি, নিখিল ভাৰত কৃষক সভাৰ লগতে বিভিন্ন দল সংগঠনে মানৱ কল্যাণ বীজ ভাণ্ডাৰৰ অনুজ্ঞা পত্ৰ বাতিলৰ দাবীত উক্ত বীজ ভাণ্ডাৰৰ সম্মুখত বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

কলগাছিয়াৰ লাচাংগা গাঁৱৰ তাহেৰ আলী, জয়নাল আবদিন, কলগাছিয়া গাঁৱৰ হামিদ আলী, ফজল হক, ডিমাপুৰ গাঁৱৰ হুছেন আলী আৰু কোৰবান আলীৰ লগতে ভালেসংখ্যক কৃষকে মানৱ কল্যাণ বীজ ভাণ্ডাৰৰ পৰা সাৰ কিনি খেতিত প্ৰয়োগ কৰাৰ ফলত তেওঁলোকৰ খেতি ধ্বংস হোৱাৰ অভিযোগ উত্থাপিত হৈছে। খেতিয়ক সকলে বীজ ভাণ্ডাৰটোৰ বিৰুদ্ধে বিভাগীয় তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে বীজভাণ্ডাৰ সন্থাই খেতিয়ক সকলক ক্ষতি পূৰণ দিবলৈ দোকানী জনক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে।