দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৪ মে’ : দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত বিগত সময়ছোৱাত বহু গাড়ী চুৰি হোৱা ঘটনাই আৰক্ষীৰ বাবে মূৰৰ কামোৰনি হৈ পৰিছিল । দিন-দুপৰতে সঘনাই চুৰি হৈ আহিছিল বহু বাইক । যাৰ ফলত সৰ্বসাধাৰন ৰাইজ আজি কিছুদিন ধৰি আতংকিত হৈ আহিছিল । অৱশেষত পলাশবাৰী আৰক্ষী থানাই এক গোপন সূত্ৰৰ পম খেদি উদ্ধাৰ কৰিবলৈ সক্ষম হয় তিনিখনকৈ চুৰি বাইক ।

পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈতেন্দ্ৰ সিং হাজাৰীৰ নেতৃত্ব যোৱা আৰক্ষীৰ এটা বৃহৎ দলে পলাশবাৰীৰ লোহাৰঘাটৰ পৰা উদ্ধাৰ কৰে এ এছ ০১ ডি কিউ ৯০২৪ নম্বৰৰ পালচাৰ ২২০ এখন , এ এছ ০১ডিইউ ৬৭২৭ নম্বৰৰ কে টি এম ৩৯০ আৰু এখন নম্বৰবিহীন ১৫০ পালচাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।