দৰং, সংবাদ ৩৬৫, ২৮ জানুৱাৰীঃ ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে পাথৰুঘাট ৰণত শ্বহীদ হোৱা কৃষকসকলক দেওবাৰে দৰং জিলা আছুৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আছুৰ লগতে পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰাও কৃষক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত সৌদ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়াই শ্বহীদ তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিয়ে পতাকা উত্তোলন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত দেওবাৰে পুৱা বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পন তথা পতাকা উত্তোলন কাৰ্যসূচীৰে আছুৱে পাথৰুঘাটৰ কৃষক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।