ৰঙিয়া, ১৭ ছেপ্টেম্বৰঃ ৰঙিয়াত ২০ বছৰে এটা কোঠাত আৱদ্ধ হৈ আছে বিশেষভাৱে সক্ষম এজন যুৱক। যুৱকজন ৰঙিয়াৰ হালিকুছিৰ হৰগোবিন্দ বড়ো(৩৫)। নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত মানসিকভাৱে অসুস্থ হৈ পৰা মেধাবী যুৱকজনক দৰিদ্ৰ পৰিয়ালটোৱে উপযুক্ত চিকিৎসা কৰাত অসমৰ্থ হোৱাত এটা কোঠাত আবদ্ধ হৈ কৰি ৰাখিছে। এটা কোঠাত আৱদ্ধ হৈ থকাত যুৱকজনে খোজকঢ়া শক্তি হেৰুৱাই পেলায়। মাতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে যুৱকজনক জীয়াই ৰখাৰ বাবে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে। আৰ্থিক দৈন্যতাই জুৰুলা কৰা পৰিয়ালটোৱে বৰ্তমান পৰ্যন্ত যুৱকজনক উপযুক্ত চিকিৎসা কৰোৱাত ব্যৰ্থ হয়। যাৰবাবে সুদীৰ্ঘ ২০ বছৰ যুৱকজনে বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে। যুৱকজনক উপযুক্ত চিকিৎসাৰ বাবে সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে। কোনো লোকে সহায় কৰিব বিচাৰিলে ৭৬৩৬৮৯৫৮৩৩ নম্বৰত যোগাযোগ কৰিব পাৰে বা ৰঙিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ৭২৮৩০২৯০১৩৭৯৩ নম্বৰ একাউন্টত ধন জমা কৰিব পাৰিব।