হোজাই, সংবাদ ৩৬৫, ২ জুনঃ আত্মবিশ্বাস থাকিলে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও বাধাৰ প্ৰাচীৰ হব নোৱাৰে সেই কথা পুনৰ প্ৰমাণ কৰি দেখুৱালে এগৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰীয়ে।উৰুখা পজাৰ পৰাই ছাত্ৰী গৰাকীয়ে সপোন দেখিছিল সফলতা অৰ্জনৰ আৰু আৰ্থিক দৈন্যতা নেওচি আজি সেই সপোন বাস্তবায়িত কৰিবলৈ সক্ষম হ’ল হিমাক্ষী ভূঞা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত কাকী কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত অৱৰ্তীণ হৈ হিমাক্ষীয়ে আতাইকেইটা বিষয়ত লেটাৰ সহ মুঠ ৮৯.০৮ শতাংশ নম্বৰ লাভেৰে কৃতিত্ব অৰ্জন কৰি অঞ্চলটিলৈ কঢ়িয়াই আনিছে সুনাম। হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ অধীনৰ কাকীৰ অতি পিছপৰা অঞ্চলৰ মেধাৱী ছাত্ৰী হিমাক্ষীৰ পিতৃ পূৰ্নেশ্বৰ ভুঞা পেচাত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ ভাত ৰান্ধনি। দৰিদ্ৰতা চাপ সহ্য কৰি নিজ পিতৃ মাতৃয়ে কন্যা হিমাক্ষী ভুঞাৰ শিক্ষাৰ প্ৰদানৰ ক্ষেত্ৰত অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিছিল। পিতৃ মাতৃৰ ত্যাগ আৰু কষ্টক প্ৰেৰণা হিচাপে গ্ৰহণ কৰি ছাত্ৰী গৰাকীয়ে দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখুৱাই কৃতিত্ব অৰ্জনৰে প্ৰমাণ কৰি দেখুৱালে যে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হব নোৱাৰে।