নৱজোতি বৰুৱা

চামগুৰি

২৪ অক্টোবৰ

“পুতলা পিষ্টলৰ সলনি আপোনাৰ সন্তানক এখন গ্ৰন্থ উপহাৰ দিয়ক” এই বাণীৰে ১৯৯৬ চনত নগাঁৱৰ পুৰণিগুদামত সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ হোৱা পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাই এইবাৰ ভৰি দিলে ৰূপালী জয়ন্তী বৰ্ষত। কৰ’ণা মহামাৰীৰ বাবে সম্পূৰ্ণ কভিড প্ৰটকল ৰক্ষা কৰি ২৫ খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ কৰে যদিও এইবাৰ ক’ৰোণা মহামাৰীৰ বাবে গ্ৰন্থ মেলাখন পুৰণিগুদাম প্ৰেছ ক্লাৱে বাতিল কৰিছে।

১৯৯৬ চনত প্ৰকৃতিপ্ৰেমী সংগঠন মাইহাঙ গোষ্ঠী আৰু শৰ্মা বুক এম্পৰিয়ামৰ উদ্যোগত আয়োজিত গ্ৰন্থ মেলাখনি ২০০৮ চনৰ পৰা পুৰণিগুদাম প্ৰেছ ক্লাৱে আয়োজন কৰি আহিছে। এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া গ্ৰন্থমেলাখনিৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত গ্ৰন্থমেলাৰ মূল পতাকাখন বিশিষ্ট সাহিত্যিক, কবি তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই উত্তোলন কৰাৰ লগতে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ পতাকাখন পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াই উত্তোলন কৰে।

ইয়াৰ উপৰি প্ৰাক ৰূপালী জয়ন্তী বৰ্ষৰ সভাপতি মণি মাধৱ মহন্তৰ লগতে পুৰণিগুদাম অঞ্চলৰ ২৫ গৰাকীকৈ গণ্য মান্য ব্যক্তিয়ে ৰূপালী জয়ন্তী উপলক্ষ্যে ২৫ খন পতাকা উত্তোলন কৰে। উল্লেখ্য যে পুৰণিগুদাম ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ পতাকা উত্তোলন কাৰ্যসূচীত বিশেষ ভূমিকা গ্ৰহণ কৰে।