কুন্দন ভৰালী 

নগাঁও

৬ অক্টোবৰ

নগাঁৱৰ ম’হখুলি মাতৃ আৰু শিশু চিকিৎসালয়ত প্ৰসূতিৰ আত্মীয়ৰ উদ্ভণ্ডালি। মহিলা চিকিৎসকক প্ৰহাৰ। ঘটনা সংক্ৰান্তত আৰক্ষী থানাত গোচৰ।

কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতো চিকিৎসকসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি চিকিৎসাসেৱা আগবঢ়াই আহিছে যদিও একাংশ লোকে কৰ্তব্যক্ষেত্ৰত চিকিৎসকক অপদস্থহে কৰি আহিছে। চিকিৎসকক অপদস্থ কৰা তেনে এক ঘটনাই সংঘটিত হৈছে নগাঁও জিলাত। নগাঁৱৰ ম’হখুলিৰ মাতৃ আৰু শিশু চিকিৎসালয়ৰ মহিলা চিকিৎসক ডাঃ চেমিমক মঙলবাৰে পুৱা চিকিৎসালয়খনৰ চৌহদতে শাৰীৰিকভাৱে অপদস্থ কৰে ৰেজিনা বেগম নামৰ এগৰাকী প্ৰসূতিৰ আত্মীয়ই। চিকিৎসক গৰাকীক শাৰীৰিকভাৱে অপদস্থতে ক্ষান্ত নাথাকি প্ৰসূতি গৰাকীৰ আত্মীয়ই চিকিৎসক গৰাকীৰ বাহনখনো ক্ষতিগ্ৰস্ত কৰাৰ চেষ্টা চলায়। চিকিৎসকক শাৰীৰিকভাৱে অপদস্থ কৰা এই ঘটনাই এতিয়া সমগ্ৰ নগাঁৱতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, জখলাবন্ধাৰ প্ৰসূতি গৰাকীক জখলাবন্ধা চিকিৎসালয়ৰ পৰা তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ ৰেফাৰ কৰা হৈছিল যদিও প্ৰসূতি গৰাকীৰ আত্মীয়ই তেজপুৰৰ পৰিৱৰ্তে নগাঁৱলৈ লৈ আনে। ৰক্তচাপ বাঢ়ি থকা প্ৰসূতি গৰাকীৰ নগাঁৱত অস্ত্ৰোপচাৰ কৰিব পৰা নাযাব বুলি চিকিৎসক ডাঃ চেমিমে পৰিয়ালৰ লোকক জনাইছিল আৰু ইয়াতেই ক্ষোভিত হৈ মহিলা চিকিৎসক গৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰে প্ৰসূতি গৰাকীৰ সম্পৰ্কীয় নগাঁৱৰ একাংশ লোকে।

ইপিনে চিকিৎসক গৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে চিকিৎসক গৰাকীৰ বাহন ক্ষতিগ্ৰস্ত কৰাৰ চেষ্টা চলোৱাৰ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে চিকিৎসক ডাঃ চেমিমে।