নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ মে’ : গুৱাহাটীৰ লগতে সমগ্ৰ অসমত জোকাৰি গল ভূমিকম্পই। ৪ বাজি ৩৪ মিনিটত অনুভূত হল ভূমিকম্পৰ জোকাৰণি ।

ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য ৫.১। ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ সীমান্ত ।

এপ্ৰিল মাহটো অনুভূত হৈছিল ৪টা জোকাৰণি। ৪ এপ্ৰিলত মণিপুৰৰ সেনাপতি জিলাত, ১২ এপ্ৰিলত ছিকিমত, ১৫ এপ্ৰিলতো মিজোৰামত আৰু ২৭ এপ্ৰিলতো জোকাৰণি অনুভূত হৈছিল।

বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই।