মানিকপুৰ, সংবাদ ৩৬৫, ২ অক্টোবৰ: প্ৰধানমন্ত্ৰী আভাস যোজনাৰ অধীনত হিতাধীকাৰী সকলক যি আবাসগৃহৰ বাবে আবন্টন কৰা টকাৰে এচামে চলাই গ’ল ব্যাপক লুণ্ঠনৰাজ। বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আলুখুন্দা ভি চি ডি চি সভানেত্ৰী সুচিত্ৰাবালাই প্ৰধানমন্ত্ৰী আভাস যোজনাৰ আবাসৰ নামত ব্যাপক লুণ্ঠনৰাজ চলাই লুন্ঠন কৰে লাখ লাখ টকা। ভিচিডিচিৰ একাংশ সদস্য আৰু দালালৰ যোগেদি সভানেত্ৰী সুচিত্ৰাবালাই বলপূৰ্বক ভাৱে আদায় কৰি লয় টকা। চৰকাৰে প্ৰতিটো গৃহৰ বাবদ আলুখুন্দাৰ ২১৯ জন হিতাধিকাৰীৰ বাবে যোগান ধৰিছে ১.৩৫ লাখ টকা। কিন্তু প্ৰতিজন হিতাধিকাৰীৰ পৰা সুচিত্ৰাবালাই লয় ২০ৰ পৰা ২৫ হাজাৰকৈ টকা। কিন্তু এতিয়া একাংশ দুখীয়া হিতাধিকাৰীয়ে নিজৰ পকেটৰ ধন খৰছ কৰি কাম কৰিছে যদিও সেয়া অতি নিম্ন মানৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মান হোৱা বহু গৃহ এতিয়া ভেটিতেই শেষ হল বহু আভাসৰ কাম। সূচিত্ৰাবালাৰ লুণ্ঠনৰাজৰ বিষয়ে জানিবলৈ সংবাদ মাধ্যম সূচিত্ৰাবালাৰ বাসগৃহত উপস্থিত হোৱাত ঘৰৰ ভিতৰত পলায়ন কৰে সুচিত্ৰাবালাই। তেতিয়া সুচিত্ৰাবালাৰ হৈ এজন সদস্যই কেতবোৰ অদ্ভুত মন্তৱ্য কৰি কয় যে সভানেত্ৰীৰ কথা পতাৰ কোনো যোগ্যতা নাই। তেওঁৰ সকলো কাম স্বামীয়ে কৰে। সভানেত্ৰী গৰাকীয়ে মাথো কেবল ছিল চহীৰ মালিক। এতিয়া প্ৰশ্ন হয় যে দূৰ্নীতিৰ ক্ষেত্ৰত আপোচহীন চৰকাৰৰ শাসন কালত কাৰ আশীৰ্বাদত এই গৰাকী সভানেত্ৰীয়ে লুণ্ঠনৰাজ চলাইছে সেয়া পোহৰ লৈ আহিবনে? সেয়া সময়তহে লক্ষ্যনীয় হব।