গুৱাহাটী, সংবাদ ৩৬৫, ৪ মে’ : দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্নাতক পৰ্য্যায়ত এক নতুন পাঠ্যক্ৰমৰ সূচনা কৰিছে ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনল’জী, মেঘালয়ে । এই তিনি বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীসকলে স্নাতক ডিগ্ৰী অর্জন কৰাৰ লগতে ইউ পি এছ চিৰ দ্বাৰা অনুষ্ঠিত প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত ওপৰঞ্চি প্ৰস্তুতি অবিহনেই অৱতীৰ্ণ হৈ সফলতা লাভ কৰিব পাৰিব । এই উদ্দেশ্য আগত ৰাখি ইউ ইছ টি এমে চেণ্টাৰ ফৰ কমপিটেটিভ একজামিনেশ্যন এণ্ড প্লেছমেণ্ট শীৰ্ষক এটা বিভাগ খুলিছে।

এই তিনি বছৰীয়া ডিগ্ৰী গ্রহণৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে ইউ পি এছ চিকে ধৰি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভৰ যোগ্যতা অর্জন কৰিব পাৰিব।

এই পাঠ্যক্ৰমৰ উদ্যোগক্তা ইউ এছ টি এমৰ আচাৰ্য্য মহববুল হকে কয় যে বহু ছাত্ৰ-ছাত্ৰীৰ লক্ষই হৈছে আই এ এছ, আই পি এছ বা ৰাজ্যৰ প্ৰশাসনীয় সেৱাত নিয়োজিত হোৱা। সেইবাবেই ইউ এছ টি এমে এটা নতুন পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰিব ওলাইছে যত ছাত্ৰ-ছাত্ৰীসকলে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছৰ পৰাই প্ৰশাসনীয় সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে ।

মহববুল হকে আৰু কয় যে ইউ এছ টি এমত এটা বিশেষজ্ঞ দলে শিক্ষা আৰু প্রশাসনৰ লগত জড়িত লোকৰ সহায়ত এই পাঠ্যক্ৰমৰ ছিলেবাছ আৰু আৰ্হি গঠন কৰিছে। এই তিনিবছৰীয়া পাঠ্যক্ৰমত ছটা চেমিষ্টাৰ থাকিব আৰু প্ৰতিটো চেমিষ্টাৰতে ছখন পেপাৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিব লাগিব । টুডে এণ্ড টুমৰো শীৰ্ষক পেপাৰখনত সাম্প্ৰতিক বিশ্লেষণ আৰু ঘটনা প্ৰবাহৰ বিষয়ে থাকিব । ইয়াৰ লগতে নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ৭০% নম্বৰলৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব।