আজিজ আলী

নলবাৰী

১০ অক্টোবৰ

এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী বিহাৰ নিৰ্বাচনৰ পিছত বিজেপিৰ বিপৰ্যয় হ’ব। ২০২১ ত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব। পাঁচ শতাধিক কর্মীক লৈ ৰাজপথ কঁপাই তোলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

কৃষি আইনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভুমিধৰ বৰ্মনে বিজেপিক লৈ গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰি কয় যে আগন্তক বিহাৰ নিৰ্বাচনৰ পিছত বিজেপি দলৰ বিপৰ্যয় হ’ব আৰু অসমত হ’বলগীয়া ২০২১ ৰ নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব। নলবাৰী জিলাৰ মুকালমুৱাত কৃষি আইনৰ বিৰুদ্ধে শনিবাৰে কংগ্ৰেছ দলৰ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ সমিতিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ দলৰ পাঁচ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰি বিশাল প্ৰতিবাদী সমদল উলিয়ায়। কৃষি আইনৰ বিৰুদ্ধে হাতে হাতে নাঙল, জুৱলি, এচাৰিকে ধৰি ভিন্ন কৃষি সামগ্ৰীৰ লগতে প্লেকাৰ্ড লৈ মুকালমুৱাস্থিত ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণী কৰে। প্ৰতিবাদকাৰী সকলে সোণোৱাল চৰকাৰ মুৰ্দাবাদ, বিজেপি গ’ বেক, কৃষি আইন নামানো আদি শ্ল’গানেৰে মুকালমুৱা কঁপাই তোলে।প্ৰতিবাদী সমদলৰ প্ৰাক-পৰ্যায়ত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি আব্দুল মজিদৰ সভাপতিত্ত্বত‌ এখন সভা অনুষ্ঠিত হয়। সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ডা: ভুমিধৰ বৰ্মনে কংগ্ৰেছ দলৰ শক্তিশালী ভুমিকাৰ‌ বিষয়ে ৰাইজক অৱগত কৰিবলৈ গৈ দুটাকৈ ভবিষ্যতদ্বানী কৰে। উল্লেখ্য যে ভাষণ প্ৰসংগৰ জড়িয়তেই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সদ্য প্ৰয়াত মন্ত্ৰী ৰামবিলাস পাছোৱানৰ মৃত্যুকলৈও গভীৰ শোক প্ৰকাশ কৰে।

সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক আনোৱাৰ আহমেদ, নলবাৰী জিলা কংগ্ৰেছ সমিতিৰ তত্বাবধায়ক মঞ্জুৰা মোহন কলিতা, অল ইণ্ডিয়া নৰ্থ ইষ্ট কংগ্ৰেছ সেৱাদলৰ সম্পাদক পুলকেশ ৰায়মেধি, আহ্বায়ক দৰ্শনজ্যেতি দাস, নলবাৰী জিলা কংগ্ৰেছ সমিতিৰ সভাপতি দিগন্ত বৰ্মন, মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰীৰ লগতে কংগ্রেছ দলৰ বহু নেতা-কর্মী উপস্থিত থাকে। উল্লেখ্য যে-সভাৰ সামৰনিৰে পিছতেই অনুষ্ঠিত‌ হোৱা প্ৰতিবাদী কার্যসূচীত প্ৰায় পাঁচ শতাধিক লোকে বিশাল‌ সমদলৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰি সৰৱ ভুমিক পালন কৰা দেখা যায়।