কলগাছিয়া

২৩ অক্টোবৰ

প্ৰেমত প্ৰবঞ্চনাৰ বলি এগৰাকী যুৱতী। দুবছৰীয়া প্ৰেমৰ অন্তত ভণ্ড প্ৰেমিকৰ প্ৰবঞ্চনাৰ বলি হৈ প্ৰেমিকা উপস্থিত হ’ল প্ৰেমিকৰ ঘৰত। অৱশেষত নিশাৰ ভাগত ৰাজপথৰ পৰা ভণ্ড প্ৰেমিকৰ প্ৰবঞ্চিত প্ৰেমিকা গৰাকীক উদ্ধাৰ কৰিলে ভিডিপিৰ সদস্যই।

পুনৰ এক ভণ্ড প্ৰেমিকৰ প্ৰঞ্চনাৰ বালি হ’ল এগৰাকী যুৱতী। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ছনপুৰা হাজীপাৰাৰ মেহবুব নামৰ এজন লম্পটৰ প্ৰবঞ্চনাৰ বলি হৈছে এগৰাকী যুৱতী। যুৱতী গৰাকীৰ লগত মেহবুবৰ আছিল দুবছৰীয়া প্ৰেমৰ সম্পৰ্ক। বিয়াৰ প্ৰলোভনেৰে লম্পট মেহবুবে যুৱতী গৰাকীৰ লগত গুৱাহাটীৰ হোটেলত নৈশ যাপন কৰি হঠাতে সকলো সম্পৰ্কৰ ছেদ কৰে যুৱতী গৰাকীৰ লগত। আনকি মেহবুবে ম’বাইল ফোন অ’ফ কৰি যুৱতী গৰাকীৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। উপায়ন্তৰ হৈ ভণ্ড প্ৰেমিক মেহবুবক সৰ্বস্ব উজাৰি দিয়া যুৱতী গৰাকী ভণ্ড প্ৰেমিক গৰাকীৰ বাসগৃহত উপস্থিত হৈ পূৰ্বৰ প্ৰতিশ্ৰুতি মৰ্মে মেহবুবক পত্নী হিচাপে গ্ৰহণ কৰিবলৈ দাবী জনায়। ভণ্ড প্ৰেমিক মেহবুবে কিন্তু অমান্তি হয় যুৱতী গৰাকীক পত্নীৰ মৰ্যাদা দিবলৈ। আনকি মেহবুবৰ পৰিয়ালৰ লোকে দুৰ্ভগীয়া যুৱতী গৰাকীক গতিয়াই ঘৰৰ উলিয়াই পেলাই আহে পথৰ কাষত।

অৱশেষত নিশাৰ ভাগত ছনপুৰা ভিডিপিৰ সদস্যই যুৱতী গৰাকীক পথৰ কাষত বহি কান্দি থকা অৱস্থাত উদ্ধাৰ কৰি কলগাছিয়া আৰক্ষীক গতাই দিয়ে। ইফালে ভণ্ড প্ৰেমিক মেহবুবে পত্নী হিচাপে গ্ৰহণ নকৰিলে আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে ভোক্তভোগি যুৱতী গৰাকীয়ে।