বঙাইগাঁও, সংবাদ ৩৬৫, ৪ মে’ : বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত শলমাৰীত পৰকীয়া প্ৰেমৰ বাবে গৰ্ভৱতী পত্নীক হত্যা কৰা ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ বিৰাজ কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি কোকিলা গাওঁৰ ময়নাল হকৰ কন্যা মফিদা খাতুনৰ শলমাৰী গাঁওৰ মোচলেম উদ্দীনৰ পুত্ৰ জাকিৰ হুছেইনৰ লগত ২০১৩ চনত ধৰ্মীয় ৰীতি মতে বিবাহ হৈছিল। পৰকীয়া প্ৰেমৰ বাবেই দীৰ্ঘ দিনৰ পৰাই জাকিৰ হুছেইনে পত্নী মফিদা খাতুনক শাৰীৰিক নিৰ্যাতন চলাই আহিছিল।

শুকুৰবাৰৰ দিনৰ ভাগতো জাকিৰে গৰ্ভৱতী মফিদাক শাৰীৰিক নিৰ্যাতন চলোৱা বুলি ফোনযোগে ভাতৃ মফিদুল ইছলামিক অৱগত কৰিছিল। পিছত নিশা প্ৰায় ১০ মান বজাত মফিদা খাতুনে বিষ পান কৰা বুলি ফোনযোগে মফিদাৰ ভাতৃক ফোনযোগে জাকিৰে অৱগত কৰে। তাৰ পিছতেই মফিদা খাতুনক সংকটজনক অৱস্থাত ভাতৃৰ সৈতে এম্বুলেঞ্চত উঠাই দিয়াৰ পিছতেই চিকিৎসালয়ত অহাৰ পৰিৱৰ্তে পলায়ন কৰে স্বামী জাকিৰ হুছেইন। চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ কিছু সময় পিছতেই মফিদা খাতুনে গৰ্ভত থকা ৬ মহীয়া সন্তানৰ সৈতে মৃত্যুক আঁকোৱালি লয়।

উল্লেখ্যে যে, মৃত মফিদাৰ গাত অসংখ্য আঘাতৰ চিন স্পষ্ট আছে। সম্প্ৰতি কলাগছিয়া আৰক্ষীৰ তদন্তত থকা মফিদা খাতুনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।