গুৱাহাটী, সংবাদ ৩৬৫, ৫ জুনঃ ‘অসম বন্তি’ এগছি চাকি যি প্ৰকৃতিৰ বিপৰীতে পৰিচালিত হৈ প্ৰকৃতি সংৰক্ষণত আনিব পাৰে এক বৈপ্লৱিক পৰিবৰ্তন। সাধাৰণতে যিকোনো চাকি জ্বলাই দিয়াৰ লগে লগে চাকি গছিৰ শিখাৰ জুই ওপৰৰ ফাললৈ যায় কিন্তু ‘অসম বন্তি’ জ্বলাই দিয়াৰ লগে গলে ইয়াৰ শিখাৰ জুই তলৰ ফালেহে আহে। অসমৰ তেজপুৰৰ লম্বোধৰ হাজৰিকা নামৰ এজন ব্যক্তিয়ে নিৰ্মান কৰা এই অসম বন্তি যদিও বিজ্ঞানৰ এক অংশ কিন্তু ইয়াত সন্নিবিষ্ট হৈ আছে কলা, অৰ্থাৎ বিজ্ঞান আৰু কলাৰ এক সংমিশ্ৰণ হৈছে ‘অসম বন্তি’। সম্পূৰ্ণ পেলনীয়া সামগ্ৰীৰে নিৰ্মান কৰা এই বন্তি গছিত কেৰাচিন তেল ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। এই চাকি গছিৰ শিখা জ্বলাই দিয়াৰ পিছত ইয়াত ভেকুৱামৰ সৃষ্টি হয় আৰু জুই তললৈ গতি কৰে। ১৯৭৮ চনত তেজপুৰৰ বিশিষ্ট স্হপত্যবিদ লম্বোধৰ হাজৰিকাই ভেকুৱামৰ তত্ব ব্যৱহাৰ কৰি নিৰ্মান কৰা এই বিশেষ বন্তি গছিৰ পূৰ্ণৰূপ দিয়ে তেখেতৰ পুত্ৰ অনুপ হাজৰিকাই। প্ৰকৃতিৰ লগত ভাৰাসাম্য থকা এই প্ৰজ্বলিত হোৱাৰ লগে লগে ই অক্সিজেন উৎপাদন কৰে৷ দেখাত সাধাৰণ হ’লেও বন্তি গছি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন উৎপাদন কৰিব পৰা ক্ষমতা আছে। বন্তি গছিত লুকাই আছে বিজ্ঞানৰ সমাধান নোহোৱা বহু সূত্ৰৰ উত্তৰ। প্ৰাকৃতিক পদ্ধতিৰ অবলম্বনেৰে বিজ্ঞানৰ সূত্ৰৰে নিৰ্মান কৰা ‘অসম বন্তি’ৰ নিৰ্মান তত্বই অনাগত দিনত সৌৰ মণ্ডলৰ অন্যান্য গ্ৰহ বোৰত অক্সিজেন উৎপাদন কৰাৰ ক্ষেত্ৰত বিজ্ঞানী মহলক সহায় কৰিব বুলি দাবী কৰিছে অনুপ হাজৰিকাই। এই বিশেষ বন্তিৰ জৰিয়তে অনাগত দিনত অক্সিজেন উৎপাদন কৰি পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ ভাৰাসাম্য ৰক্ষা কৰাত সহায়ক হ’ব পৰা বুলি আশা কৰিছে অনুপ হাজৰিকাই।