মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২৪ অক্টোবৰ

বি টি চি পৰিষদীয় নিৰ্বাচনকলৈ বড়ো ভূমিত তীব্রতৰ কৰি তুলিছে ইউ পি পি এল দলে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ বড়ো ভূমিত পৰিবৰ্তনৰ লক্ষ্য আগত লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ইউ পি পি এল দল। শনিবাৰে বড়ো ভূমিৰ ৰাজনীতিত পৰিবৰ্তনৰ লক্ষ্যলৈ ইউ পি পি এল দলে অনুষ্ঠিত কৰে পৰিৱৰ্তন পদযাত্ৰাৰ।

ইউ পি পি এল দলে বড়ো ভূমিত বসবাস কৰা যুৱক-যুৱতী সকলৰ ভৱিষ্যত সুনিশ্চিত কৰা, মহিলা সকলক সবলীকৰণ কৰাৰ লগতে মহিলা সকলৰ উন্নয়ন কৰা, বড়ো ভূমিত শান্তি ঐক্যতা স্থাপন কৰা ইউ পি পি এল দলৰ মূল লক্ষ্য, ইউ পি পি এল দলৰ প্ৰতিশ্ৰুতি সকলো ভাষাৰ সমান অধিকাৰ, আমাক লাগে পৰিৱৰ্তন, ইউ পি পি এল জিন্দাবাদ আদি ফেষ্টুন, প্লেকাৰ্ড, বেনাৰ হাতে হাতে লৈ বিভিন্ন ধ্বনি দি কচুগাঁও সমষ্টিৰ টাকামপুৰৰ পৰা পৰিৱৰ্তনৰ পদযাত্ৰা কাৰ্য্যসূচীলৈ ঠেকাবজাৰ, গলাইপাৰা, ৰূপনাথপুৰ বাথৌগুৰী, পূৱ টাকামপুৰ, ভৰতনগৰ, মধ্য টাকামপুৰ, নিউ নবীন নগৰ আদি গাঁও পৰিভ্ৰমী পদযাত্ৰা কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি ৰৰ্বাট মাৰ্কেটত পৰিৱৰ্তনৰ পদযাত্ৰা সমাপ্ত কৰি এখন সভা অনুষ্ঠিত কৰে৷ টাকামপুৰ প্ৰাইমাৰী সমিতিৰ অন্তৰ্গত দহখন গাঁও পৰিভ্ৰম কৰে ইউ পি পি এল দলৰ নেতা-নেএী, কৰ্মী সমৰ্থক সকলে৷ কিনকিনিয়া বৰষুণকো নেওচি পৰিৱৰ্তনৰ পদযাত্ৰাৰ বাবে প্ৰায় এক হেজাৰ পুৰুষ-মহিলাই ওলাই আহি বিভিন্ন ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে৷

ইউ পি পি এল দলৰ টাকামপুৰ প্ৰাইমাৰী সমিতিৰ উদ্যোগত অনুষ্ঠিত পৰিৱৰ্তনৰ পদযাত্ৰা কাৰ্যসূচীত ইউ পি পিএল দলৰ কচুগাঁও সমষ্টিৰ প্ৰাৰ্থী উকীল মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বি পি এফ দলৰ ১৭ বছৰীয়া শাাসন কালত কেৱল দূৰ্নীতি হ’ল, ৰাইজৰ একো উন্নয়ন নহ’ল৷ ইউ পি পি এল দলে পৰিৱৰ্তন আনি এখন দুৰ্নীতি মুক্ত সমাজ গঢ়াৰ খনিকৰ হোৱাৰ বাবে ৰাইজৰ আৰ্শীবাদ লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ ইউ পি পি এল দলৰ এই পৰিৱৰ্তনকামীত সকলো ৰাইজ সঁহাৰি দিছে৷ কচুগাঁও সমষ্টিত মোৰ জয় নিশ্চিত তাত কোনো সন্দেহ নাই বুলিও দৃঢ়তাৰে কয় মুছাহাৰীয়ে৷