কাজিৰঙা

২১ অক্টোবৰ

কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিগত সাত মাহে বন্ধ হৈ থকা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হ’ল। বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰ্যটক সকলৰ বাবে ২০২০-২১ পৰ্যটন বর্ষৰ বাবে মুকলি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাৰ ১১২ বছৰীয়া ইতিহাসত এইবাৰ পোন প্ৰথমবাৰৰ বাবে সাত মাহ বন্ধ হৈ আছিল ৰাষ্ট্ৰীয় উদ্যানখন।

কৰ’ণা মহামাৰীয়ে বিধ্বস্ত কৰি পেলোৱা ৰাজ্যৰ পৰ্যটন উদ্যগটোক পুনৰ এক নতুন গতি প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে বুধবাৰে পৰ্যটকৰ বাবে মুকলি কৰিলে এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাৰ মিহিমুখত অনুষ্ঠিত মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে ২০২০-২০২১ পৰ্যটন বর্ষৰ বাবে মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখন। বুধবাৰৰ পৰা কাজিৰঙাৰ কঁহৰা আৰু বাগৰি ৰেঞ্জত জীপ ছাফাৰী আৰম্ভ হোৱাৰ পৰিবৰ্তে উদ্যানখনৰ অন্য দুটা ৰেঞ্জ নৱেম্বৰ মাহৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত হাতী ছাফাৰীও মুকলি কৰা হ’ব।

মূললি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰ’ণা মহামাৰীৰ ফলত সৃষ্টি হোৱা লকডাউনৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলিৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন উদ্যোগখনে এক নতুন গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোৰ অন্যান্য উদ্যোগৰ লগত জড়িত ব্যক্তি সকল আৰ্থিকভাৱে পুনৰ সবল হ’বলৈ সক্ষম হ’ব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে বিশ্বব্যাপী কৰ’ণা মহামাৰী ফলত দেশজুৰি ঘোষণা কৰা লকডাউনৰ পিছৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হৈ আছে। কৰ’ণা মহামাৰীৰ তাণ্ডৱৰ মাজতে অহা প্ৰলয়ংকাৰী বানপানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১১২ বছৰীয়া ইতিহাসত এইবাৰ পোন প্ৰথমবাৰৰ বাবে সাত মাহ ধৰি বন্ধ হৈ আছিল।