নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ মে’ : ইতিমধ্যে ফণীৰ প্ৰৱেশ ঘটিছে পশ্চিম বংগত । লাহে ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ-উত্তৰ পূৰ্বাঞ্চলত। যাৰ বাবে বৰঝাৰ বিমানবন্দৰত বাতিল হ’ল ৪০খনৰো অধিক বিমান ।

ফণীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কলিকতা,ইম্ফল,আগৰতলা,হাইদৰাবাদৰ আটাইকেইখন বিমান বাতিল কৰা হৈছে বৰঝাৰ বিমানবন্দৰত । বিমান বাতিলক লৈ যাত্ৰী সকলোৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ । দিল্লী আৰু মুম্বাইৰ দুই এখন বিমানৰ বাদে কোনো বিমান উৰন-অৱতৰন কৰিব দিয়া নাই বৰঝাৰস্থিত আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত ।