গুৱাহাটী, সংবাদ ৩৬৫, ৫ মে’ : ফেণীৰ প্ৰভাৱত অসমত যোৱাকালি নেৰেনেপেৰা বৰষুণ আৰু বতাহ বলি থকাৰ সময়তে সন্ধিয়া ব্ৰহ্মপুত্ৰত সংঘটিত হৈছিল অঘটন । আজাৰাৰ পূৱ মাজিৰিগাওত সংঘটিত হৈছিল নাও দুৰ্ঘটনা । ৰাণী চাপৰিৰ খেতিদৰাৰ পৰা পূব মাজিৰিগাওৰ নিজ ঘৰলৈ বুলি ৰাওনা হৈছিল ৫ জনকৈ লোক কিন্তু প্ৰৱল বতাহ আৰু বৰষুণৰ ফলত নাওসহ ডুবাই নিয়ে ৫জন লোকক । ৪জন লোকৰ কথমপি প্ৰান ৰক্ষা পৰিছিল যদিও সন্ধানহীন হৈ আছে ১ জন লোক ।

কনক মজুমদাৰ,অৰূপ কলিতা,জোনমনি মহন্ত,ৰত্নেশ্বৰ দাসৰ প্ৰান ৰক্ষা পৰে যদিও বৰ্তমানেও সন্ধানহীত নৱ কলিতা নামৰ লোকজন । সন্ধানহীন লোকজনৰ বাবে ব্ৰহ্মপুত্ৰ নৈত এছ ডি আৰ এফ আৰু এন ডি এফ বিয়ে ৩খন ৰাবাৰ বুটেৰে চলাইছে যদিও কিন্তু বৰ্তমানলৈ লোকজনৰ কোনো সন্ধান পোৱা নাই । স্থানীয় লোকে জনোৱা মতে সন্ধিয়া ৬ মান বজাত অহা প্ৰচণ্ড বৰষুণৰ ফলতে সংঘটিত হৈছে এই ঘটনা ।

দুজন কনমানিৰ পিতৃ নৱ কলিতাৰ কোনো সন্ধান নাপালে অভিযানকাৰী দলে । আজি এন্ধাৰৰ প্ৰতি লক্ষ্য ৰাখি অভিযান সামৰে যদিও কাইলৈ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ চলিব উদ্ধাৰ অভিযান।
বৰ্তমানলৈ সন্ধানহীন হৈ থকা নৱ কলিতাৰ আত্মীয় সকল বৰ্তমান কান্দোনত ভাগি পৰিছে ।