বকো, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ: বকোৰ নেউলডোবাৰ এজন ধুৰন্ধৰ যুৱকে বকোৰ ছমৰীয়াৰ পথাৰৰ পৰা অতি কৌশলৰে শামুক ভঙা চৰাইসমূহ চিকাৰ কৰি আনি বকোৰ ডেকাচাং বজাৰত বিক্ৰী কৰি ৰমৰমীয়া বেহা চলাই থকাৰ মুহূৰ্ততে দেওবাৰে সন্ধিয়া ডেকাচাং বজাৰত তিনিটাকৈ শামুক ভঙা চৰাই উদ্ধাৰ হয়। ডেকাচাং বজাৰৰ ছফিউৰ ৰহমান নামৰ স্থানীয় যুৱক এজনে চৰাই সৰহৰাহকাৰী যুৱক জনক এনে অপৰাধমুলক বেহা বন্ধ কৰিবলৈ কেবাবাৰো হুংকাৰ দি আহিছিল যদিও ধুৰন্ধৰ যুৱকজনে অব্যাহত ৰাখে অপৰাধমূলক চৰাইৰ বেহা। কিন্তুু দেওবাৰে পুনৰ চৰাই সৰবৰাহকাৰী যুৱক জনে তিনিটাকৈ শামুক ভঙা চৰাই ডেকাচাং বজাৰত বিক্ৰী কৰিবলৈ লওতে ধৰা পৰে। ছমৰীয়াৰ পথাৰৰ পৰা অতি কৌশলৰে শামুক ভঙা চৰাইসমূহ চিকাৰ কৰি আনি বিক্ৰী কৰি থকা সমগ্ৰ দৃশ্য ছফিউৰ ৰহমান নামৰ যুৱক জনে কেমেৰাত বন্দী কৰিবলৈ চেষ্টা চলায় যদিও অতি ধুৰন্ধৰ চৰাই সৰবৰাহকাৰী যুৱকজন চৰাইসহ পলাই যাবলৈ সক্ষম হয় ৷ ৰাইজৰ অভিযোগ মতে,চৰাই সৰবৰাহকাৰী যুৱক জনে প্ৰত্যেক সপ্তাহতে শামুক ভঙা চৰাই সৰবৰাহ কৰি আনি বকোৰ ডেকাচাং বজাৰত বিক্ৰী কৰিবলৈ আহে।