বঙাইগাঁও, সংবাদ ৩৬৫, ৫ অক্টোবৰ: বঙাইগাঁও জিলাৰ তিলপুখুৰীত বৃহস্পতিবাৰে নিশা ৰাইজে আটক কৰে এজন গভাইত গাড়ী চোৰ। জানিব পৰা মতে বৰইচালা গাৱৰ আব্দুল মতিনৰ এ এছ২৬ চি ৩৭৫০ নম্বৰৰ বলেৰো গাড়ীখন কীৰ্ত্তন পাৰাৰ চালকৰ ঘৰৰ পৰা বৃহস্পতিবাৰে নিশা দীপক দাস নামৰ এটা গভাইত চোৰে চুৰি কৰি লৈ যাওতে ভূল ৰাস্তাৰে গাড়ী সোমাই দি ৰাইজৰ হাতত আটক হয়। কীৰ্ত্তন পাৰাৰ বলেৰোগাড়ীৰ চালকজনে আব্দুল মতিনৰ গাড়ীখন কোনোবাই লৈ যোৱা সম্ভেদ পাই পিছে পিছে বাইক লৈ খেদি গৈ ৰাস্তাতে চোৰটোক আটক কৰে। পাছত চোৰটোক স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই মেৰেৰচৰ আৰক্ষীক গতাই দিয়ে। দীপক দাস নামৰ চোৰ জনৰ ঘৰ মানিকপুৰৰ কুশলাইগুৰিত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এই ঘটনাৰ লগত জড়িত আন দুজন চোৰ মাৰুতি গাড়ী লৈ পলায়ন কৰে বুলিও জানিব পৰা গৈছে।