মাণিকপুৰ, সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাংলাপাৰা গাঁৱৰ এগৰাকী বিধৱা মহিলা তথা এটি সন্তানৰ মাতৃক গাঁওখনৰে কেইজনমান পাষণ্ডই কাপোৰ কানি ফালি শাৰীৰিক ভাৱে প্ৰহাৰ কৰা বুলি পৰিয়ালৰ লোক তথা ওচৰ চুবুৰীয়াই জানিব দিয়ে। উল্লেখ্য যে মহিলা গৰাকীৰ স্বামী ঢুকোৱাৰ পিছৰে পৰা গাঁৱৰ পাষণ্ড কেইজনমানে মহিলাগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক কৰাৰ বাবে নানা ধৰণৰ কুটকৌশল অৱলম্বন কৰিছিল, আনকি সিহঁতৰ কথা মতে সম্পৰ্কত থাকিলে ঘৰৰ খৰছ পাতিও বহন কৰিব বুলিও কৈছিল যদিও মহিলাগৰাকীৰ সততাৰ বাবে একো কৰিব পৰা নাছিল। যাৰ বাবে মহিলা গৰাকীৰ ওপৰত প্ৰতিশোধৰ সুবিধা বিচাৰি আছিল আৰু শুকুৰবাৰে মহিলাগৰাকীৰ ঘৰত আলহী হিচাপে অহা সৰু লৰা এটাৰ লগত অবৈধ সম্পৰ্ক থকা বুলি কৈ বদনাম উলিয়াই সেই পাষণ্ড কেইজনে মহিলা গৰাকীক কাপোৰ কানি ফালি শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ লগতে মহিলাগৰাকীৰ গুপ্তাঙ্গতো হাত দিয়ে বুলি জানিব দিয়ে। পাষণ্ড কেইটাৰ তীব্ৰ প্ৰহাৰত মহিলা গৰাকী অচেতন হৈ পৰে। ওচৰ চুবুৰীয়াৰ লগতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ মহিলা গৰাকীক মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে।