বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ৩ অক্টোবৰ: বুধবাৰে দিনৰ ১১ বজাত বটদ্ৰৱাৰ জামতলত বৃহত্তৰ বটদ্ৰৱা আঞ্চলিক আমছুৰ সহযোগত নগাওঁ জিলা আমছুৰ উদ্যোগত অগপৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু পতঞ্জলিৰ যোগ নিৰীক্ষক সতী নাথ বৰালৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ উক্ত কাৰ্য্যসূচীত আমছুৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰৰ নেতৃত্বত আমছুৰ সজাতি দলটোৱে চৰকাৰক দাবী জনায় যে গোলাঘাট জিলাৰ যি কেইজন আমছুৰ কৰ্মকৰ্তাক গোলাঘাট আৰক্ষীয়ে ষড়যন্ত্ৰমূলক ভাৱছ গ্ৰেপ্তাৰ কৰিছে, তাত অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ হাত থকা বুলি দলটোৱে সন্দেহ প্ৰকাশ কৰে। গতিকে চৰকাৰৰ এই ছিণ্ডিকেটৰাজ বন্ধ কৰিব লাগে আৰু গোলাঘাট জিলা আমছুৰ কৰ্মকৰ্তা সকলক বিনাচৰ্তে মোকলাই দিয়াৰ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে পতঞ্জলিৰ যোগ নিৰীক্ষকজনে জগত গুৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ বিৰুদ্ধে যি মন্তব্য দিছে অতি শীঘ্ৰে তাৰ বিহিত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে ৷সতীনাথ বৰালে অকল গুৰুজনাকেই নহয় সকলো অসমীয়া জাতিকে অপমান কৰিছে বুলি কয় দলটোৱে। এতিয়া কিহৰ স্বাৰ্থত হাত সাৱটি বহি আছে জাতি, মাটি,ভেটিৰ দোহাই দি শাসনত অহা চৰকাৰখনে। যদি শাসনাধিষ্ঠ চৰকাৰখনে আমছুৰ এই দুটা দাবী মানি নলয় তেন্তে আমছুয়ে সমগ্ৰ অসম ব্যাপি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলাৰ হুংকাৰ দিয়ে ৷